অসম

assam

By

Published : Jul 28, 2022, 6:45 PM IST

ETV Bharat / state

Road Blockade Programme : টিহু-ডুমুনী গড়কাপ্তানী পথ সম্পূৰ্ণকৰণৰ দাবীত বাক্সাৰ চৰাইমাৰীত পথ অৱৰোধ

দীৰ্ঘদিন ধৰি টিহু-ডুমুনী গড়কাপ্তানী পথৰ পকীকৰণৰ কাম স্তব্ধ হৈ থকাৰ প্ৰতিবাদত আজি বাক্সাৰ চৰাইমাৰীত স্থানীয় ৰাইজে দুঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে (two hour road blockade programme at Baksa) ।

Protest
Protest

বাক্সা, ২৮ জুলাই : বাক্সা জিলাৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ পথ হৈছে টিহু-ডুমুনী গড়কাপ্তানী পথ (Tihu Dumuni PWD road of Baksa) । অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ পথটো পকীকৰণৰ বাবে দাবী জনাই আহিছিল । যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে দুবছৰ পূৰ্বে পথটো পকীকৰণৰ কাম হাতত লয় ।

কিন্তু দীৰ্ঘদিন ধৰি টিহু-ডুমুনী গড়কাপ্তানী পথৰ পকীকৰণৰ কাম স্তব্ধ হৈ থকাৰ প্ৰতিবাদত আজি বাক্সাৰ চৰাইমাৰীত স্থানীয় ৰাইজে দুঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে (two hour road blockade programme at Baksa) । উল্লেখ্য, ডুমুনীৰ পৰা টিহু চ'কলৈ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ অন্তত প্ৰায় দুবছৰ পূৰ্বে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে পথটো পকীকৰণৰ কাম হাতত লয় (demand Lok Nirman Department to construction of road) ।

টিহু-ডুমুনী গড়কাপ্তানী পথ সম্পূৰ্ণকৰণৰ দাবীত বাক্সাৰ চৰাইমাৰীত পথ অৱৰোধ

কিন্তু ঠিকাদাৰৰ হেমাহিৰ বাবে আজিলৈ পথটো সম্পূৰ্ণ হৈ উঠা নাই । উল্লেখ্য যে বিটিচি পৰিষদৰ নিৰ্বাচনৰ সময়ত সেই সময়ৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Himanta Biswa Sarma) টিহু-ডুমুনী পথটো নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল ৷ তাৰ পিছত পথটোৰ নিৰ্মাণকাৰ্যও আৰম্ভ হয় ৷ কিন্তু বিভাগীয় ঠিকাদাৰৰ হেমাহিৰ বাবে চৰাইমাৰী, আঠিয়াবাৰী, ডুমুনীকে ধৰি বৃহত্তৰ অঞ্চলৰ ৰাইজে যাতায়াতৰ নামত হাৰাশাস্তি ভুগিবলগা হৈছে ।

স্থানীয় ৰাইজে পথটো নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ ৰঞ্জন বসুমতাৰীক পথ নিৰ্মাণৰ কাম খৰকটীয়া কৰাৰ বাবে বাৰাম্বাৰ অনুৰোধ কৰা সত্ত্বেও কোনো গুৰুত্ব নিদিয়াত আজি স্থানীয় ৰাইজে ক্ষুব্ধ হৈ পথটোৰ চৰাইমাৰীত দুঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে । ফলত যান-বাহনৰ চলাচলৰ লগতে যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে । আনহাতে, যদি পথটো পকীকৰণৰ কাম শীঘ্ৰে সম্পূৰ্ণ নকৰে তেনেহ'লে ইয়াতকৈ তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি প্ৰতিবাদী ৰাইজে সকীয়নি প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details