বাক্সা, ২৬ মে': অসম আৰক্ষীয়ে ৰাজ্যজুৰি অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ নিদ্ৰাহৰণ হৈছে ড্ৰাগছৰ লগত জড়িত ব্য়ৱসায়ীসকলৰ ৷ ৰাজ্যৰ বিভিন্ন জিলাত আৰক্ষীৰ তৎপৰতাত ড্ৰাগছসহ আটক কৰা হৈছে সৰবৰাহকাৰীক ৷ বুধবাৰে বাক্সা জিলাৰ শালবাৰীৰ শিমলাগুৰিত ড্ৰাগছসহ আটক কৰা হয় দুজনকৈ লোকক ।
শালবাৰী মহকুমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নিৰ্দেশত চলোৱা অভিযানত আটক কৰা হয় লোক দুজনক । গোৱৰ্দ্ধনা আৰক্ষী চকীৰ অন্তৰ্গত শিমলাগুৰি উপ-আৰক্ষী চকীৰ আৰক্ষী বিষয়া আকাশ ৰয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই আটক কৰে লোক দুজনক ।