বাক্সা, 29 জানুৱাৰীঃ কৃষি-প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ বাক্সাৰ অন্তৰ্গত কৃষি বিভাগৰ সৌজন্যত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে কৃষি মেলা ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত কৃষিমেলাৰ পতাকা উত্তোলন কৰে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ কাৰ্যনিৰ্বাহক সদস্য বিজিৎ গৌৰা নাৰ্জাৰীয়ে ৷ কৃষি মেলাৰ লগত সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে বিভাগটোৰ কাৰ্যবাহী সদস্য আনচুমা খুংগুৰ বড়োৱে ৷ লগতে মত বিনিময় অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ৷
কৃষি মেলাখনত কৃষিজাত সামগ্ৰীৰ প্ৰদৰ্শনীৰ উপৰিও কৃষি বিজ্ঞান বিষয়ক বিভিন্ন বিষয়ৰ মত বিনিময়, ৰেচম, মীন পালন, পশুপালন আদি সন্দৰ্ভত আলোচনা চক্ৰৰো আয়োজন কৰা হয় ৷ উক্ত মেলাত এগৰাকী শিপিনীয়ে ভূটানৰ কাপোৰ বিক্ৰীৰে মাহেকত ১৫,০০০ টকা উপাৰ্জন কৰাৰ লগতে কেইবাগৰাকী মহিলাকো সংস্থাপন দিয়াৰ কথা সদৰী কৰে ।
কৰিমগঞ্জঃ দুদিনীয়া কাৰ্যসূচীৰে কৰিমগঞ্জতো আৰম্ভ হৈছে কৃষি মেলা ৷ জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত আয়োজিত মেলাখনত উপলব্ধ হৈছে বিভিন্ন এছ এই জি আৰু থলুৱাভাৱে উৎপাদিত বিভিন্ন শাক-পাচলি ৷ ইয়াৰ বাহিৰেও উন্নত প্ৰজাতিৰ কুকুৰা, বতা চৰাই, হাঁহ, কাঠফুলা আদিৰো প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয় ৷ সামগ্ৰীসমূহ প্ৰদৰ্শনীৰ সমান্তৰালকৈ বিক্ৰীৰো ব্যৱস্থা কৰা হৈছে ৷ বুধবাৰৰ দিনটোত কৃষি মেলাখনত উপস্থিত থাকে জিলা উপায়ুক্ত আম্বামুথান এম পি ৷ মেলাখনক লৈ স্থানীয় ৰাইজৰ উৎসাহ-উদ্দীপনাৰ অন্ত নোহোৱা হৈছে ৷