বাক্সা,27 মাৰ্চ:গ্ৰেড পে’ৰ লগতে বকেয়া বিল বন্ধ কৰাক লৈ শুকুৰবাৰে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় বাক্সাৰ সদৰ মুছলপুৰ কোষাগাৰত ৷ অসম চৰকাৰৰ বিত্ত বিভাগে যোৱা ২৪ মাৰ্চত ৰাজ্যখনৰ লগতে বাক্সাৰ মুছলপুৰ কোষাগাৰলৈ গ্ৰেড পে’ সহ বকেয়া বিল গ্ৰহণ কৰাৰ শেষ সীমা অহা ৩১ মাৰ্চ ধাৰ্য কৰাৰ নিৰ্দেশনা দিছিল ৷ এই নিৰ্দেশনা মতে জিলাখনৰ ১৮৮ খন হাইস্কুল আৰু হাই মাদ্ৰাছাৰ শিক্ষকসকলৰ মুখত হাঁহি বিৰিঙিছিল ৷
নিজ নিজ বিদ্যালয়ৰ দৰমহাৰ বকেয়া বিল জিলাখনৰ মাত্ৰ ২৫ খন বিদ্যালয়ে দাখিল কৰাৰ পাছত শুকুৰবাৰে বাকী বিদ্যালয়বোৰৰ কাৰ্যালয় সহায়কসকলে কোষাগাৰলৈ বিলসমূহ আনিছিল ৷ কিন্তু কোষাগাৰলৈ গৈ তেওঁলোক আচৰিত হয় ৷ কিয়নো বিত্ত বিভাগৰ মুখ্য সচিব স্বাক্ষৰিত নতুন নিৰ্দেশনা অনুসৰি ২৫ মাৰ্চৰ পৰা নতুনকৈ আৰু গ্ৰেড পে সহ বকেয়া বিল গ্ৰহণ কৰিব নোৱাৰিব ৷