অসম

assam

ETV Bharat / state

বাক্সাত ট্ৰেক্টৰৰে হাল বাই থকা অৱস্থাত চালকৰ মৃত্যু - Baksa

লক্ ডাউনৰ মাজতে দেওবাৰে বাক্সা জিলাত পথাৰত টেক্টৰৰে হাল বাই থকা অৱস্থাত ট্ৰেক্টৰ দুৰ্ঘটনা সংঘটিত হৈ চালকজনে কৰুণ মৃত্যুক সাবটি লবলগীয়া হয় । কুমাৰীকাটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত বাগৰি পৰা ট্ৰেক্টৰৰ তলৰ পৰা মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে মুছলপুৰলৈ প্ৰেৰণ কৰে ।

Tractor Accident in baksa, One death
Tractor Accident in baksa, One death

By

Published : Jun 21, 2020, 8:40 PM IST

বাক্সা, ২১ জুন :লকডাউনৰ মাজতে দেওবাৰে বাক্সা জিলাত পথাৰত টেক্টৰৰে হাল বাই থকা অৱস্থাত ট্ৰেক্টৰ দুৰ্ঘটনা সংঘটিত হৈ চালকজনে কৰুণ মৃত্যুক সাবটি লবলগীয়া হয় । 

তথ্য অনুসৰি, বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত তথা কুমাৰীকাটা আৰক্ষী চকীৰ অধীনস্থ ১ নং জামগুৰী অঞ্চলৰ আৰ্চিগুৰি চুবাৰ নিবাসী চাহেব মিঞ্চৰ পুত্র দ্বীপেন মিঞ্চ নামৰ যুৱক জনে ট্ৰেক্টৰেৰে পথাৰত মাটি চহাই থকাৰ সময়তে ট্ৰেক্টৰখন বাগৰি পৰি মৃত্যু হয়।

জানিব পৰা মতে, দেওবাৰে ৰাতিপুৱা ৰাজহুৱা ট্ৰেক্টৰ খন লৈ আনৰ মাটি চহাবলৈ গৈছিল যুৱকজনে । মাটি চহাই থকাৰ সময়তে আকস্মিক ভাবে ট্ৰেক্টৰখন বাগৰি পৰাত চালকজন ট্ৰেক্টৰখনৰ তলত সোমাই পৰে আৰু ঘটনা স্থলীতে তেওঁৰ মৃত্যু ঘটে। 

এই খবৰ পোৱাৰ লগে লগে কুমাৰীকাটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত বাগৰি পৰা ট্ৰেক্টৰৰ তলৰ পৰা মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷

ABOUT THE AUTHOR

...view details