অসম

assam

ETV Bharat / state

Tourist place Daragaon: সৌন্দর্য পিপাসু পৰ্যটকে পান কৰিছে দাৰাগাঁৱৰ ৰসসূধা - প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ

গৰমে দহিছে ৰাজ্যবাসীক ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে লৈছে ভিন্ন পন্থা ৷ কোনোবাই যদি শীতল পানীৰ আমেজ লৈছে, আন কোনোবাই আকৌ গৈছে শীত প্ৰধান অঞ্চললৈ ৷ ইয়াৰ মাজতে হিমালয়ৰ পৰা বৈ অহা শীতল পানীৰ জলস্ৰোতে পৰ্যটকক হাত বাউল দি মাতিছে বাক্সাৰ দাৰাগাঁৱলৈ (Beautiful tourist place Daragaon in Baska) ৷

Beautiful tourist place Daragaon in Baska
সৌন্দর্য পিপাসু পৰ্যটকে পাণ কৰিছে দাৰাগাঁৱৰ ৰসসূধা

By

Published : Jul 16, 2022, 7:30 PM IST

বাক্সা, ১৬ জুলাই : প্ৰকৃতিৰ ৰম্যভূমি দাৰাগাঁও ৷ নিৰ্মল প্ৰকৃতি, হিমালয়ৰ পৰা বৈ অহা শীতল পানীৰ জলস্ৰোতে এতিয়া পৰ্যটকক হাত বাউল দি মাতিছে বাক্সা জিলাৰ দাৰাগাঁৱলৈ ৷ প্ৰচণ্ড গৰমৰ পৰা কিছু সকাহ পাবলৈ, লগতে হিমালয়ৰ পৰা নামি শিলে শিলে ঠেকা খাই বৈ অহা শীতল পানীত এবাৰ গা ধুবলৈ ঢাপলি মেলিছে এতিয়া বহু পৰ্যটক (Beautiful tourist place Daragaon in Baska)৷

গৰমে দহিছে ৰাজ্যবাসীক

যিমানেই গৰমৰ প্ৰকোপ বৃদ্ধি হৈছে সিমানেই পৰ্যটকে ঢাপলি মেলিছে দাৰাগাঁৱলৈ ৷ উদ্দেশ্য হিমালয়ৰ পৰা বৈ অহা শীতল পানীত এবাৰ হ’লেও গা ধুই নিজকে শীতল কৰাৰ হেঁপাহ ৷ শীতকালৰ বনভোজৰ লেখিয়াকৈ বৰ্তমান গৰমৰ দিনতো বাক্সা জিলাৰ ভূটান সীমান্তত ভিৰ কৰিছেহি অজস্ৰ প্ৰকৃতিপ্ৰেমী তথা পৰ্যটকে (Eco toursim at Daragaon) ৷

মহানগৰীৰ ব্যস্ত কোলাহল, ভিন্ন প্ৰদূষণৰ মাজত থাকি অভ্যস্ত হৈ থকা লোকসকলেও এতিয়া কিছু সময়ৰ বাবে হ’লেও মুক্ত অৰণ্যৰ মাজত বিলিন হোৱাৰ এক প্ৰয়াস কৰিছে একাংশ লোকে ৷ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ দেশ-বিদেশৰ ভিন্ন ঠাইলৈ যোৱাৰ বিপৰীতে দাৰাগাঁৱৰ এই সমূহ পৰ্যটনথলীলৈ আহিবলৈ সকলোকে আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ৷

সৌন্দর্য পিপাসু পৰ্যটকে পান কৰিছে দাৰাগাঁৱৰ ৰসসূধা

লগতে এই পৰ্যটনথলীত পৰিষ্কাৰ-পৰিচন্নতা বজাই ৰাখিবলৈ আহ্বান জনাইছে দাৰাগাঁৱৰ পৰ্যটনস্থলীৰ সভাপতি জগদীশ বসুমতাৰীয়ে ৷ যাতে সদায়ে ভাৰত-ভূটান সীমান্তৰ এই ঠাইখন জিলিকি থাকে ৷ আনকি প্ৰকৃতিৰ এনে মনোমোহা ৰূপ দেখি অভিভূত হৈ পূণৰ এই ঠাইলৈ অহাৰ সংকল্প লৈছে একাংশ প্ৰকৃতিপ্ৰমী পৰ্যটকে ৷

উল্লেখ্য যে বাক্সা জিলাৰ বৰমাত থকা 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰে মুছলপুৰ-নিকাচি হৈ প্ৰায় 25 কিলোমিটাৰ দূৰত্বত অৱস্থিত ভাৰত ভূটান সীমান্তৰ এই দাৰাগাঁও ৷ ইয়াত বসবাস কৰা গাঁওসমূহৰ অধিকাংশই বড়ো আৰু নেপালী জনগোষ্ঠীৰ লোক ৷

লগতে পঢ়ক :Eco toursim at Ghunasuti: কেনে আছে জংকি পানেইৰ দেশখন ?

ABOUT THE AUTHOR

...view details