অসম

assam

By

Published : Sep 5, 2022, 9:09 AM IST

ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP TEN AT 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

মাদ্ৰাছা উচ্ছেদ প্ৰসংগ লৈ প্ৰয়োজনত উচ্চতম ন্যায়ালয়লৈ যাম: আজমল

ধুবুৰীত এ আই ইউ ডি এফৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমল ৷ এই সংবাদ মেলতে মাদ্ৰাছা ভংগ আৰু উচ্ছেদ প্ৰসংগত ধুবুৰীত সাংসদ আজমলে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া (Badruddin Ajmal reacts to Madrasa demolition in Dhubri)।

BREAKING NEWS: দুলীয়াজানত নিশা উত্তপ্ত পৰিস্থিতি

নিশা দুলীয়াজানত উত্তপ্ত পৰিস্থিতি ৷ তৈলনগৰীখনৰ পিপলতল তিনিআলিৰ ৰাজপথত জ্বলিল টায়াৰ । বীৰ লাচিত সেনাৰ আটকাধীন চাৰি কৰ্মকৰ্তাক মুকলি কৰি দিয়াৰ দাবীৰে সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিয়ে টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ(Beer Lachit sena protest at Duliajan) ৷

BREAKING NEWS: মঙলদৈত নকল টকা বনোৱা মেচিনসহ আটক ছয় ব্যক্তি

মঙলদৈত জব্দ হৈছে নকল টকা বনোৱা মেচিন ৷ চহৰখনৰ ২নং ৱাৰ্ডৰ পৰা দৰং আৰক্ষীয়ে নকল টকা আৰু নকল টকা বনোৱা মেচিন জব্দ কৰাৰ লগতে আটক কৰিলে তিনিজন পুৰুষ আৰু তিনিগৰাকী মহিলা (Counterfeit money making machine seized) ৷

BREAKING NEWS: মাজুলীৰ শালমৰাত ভয়ংকৰ অগ্নিকাণ্ড

দেওবাৰে নিশা মাজুলীৰ শালমৰাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Majuli fire incident) ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত দপ-দপাই জ্বলি উঠিল এখন ঘৰ (House burnt for Electric short circuit) ৷ নিশা প্ৰায় 12:30 বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো ৷


তিতাবৰত আদালত চৌহদৰ পৰাই হেণ্ডকাফসহ পলাল আচামী

তিতাবৰ আৰক্ষীৰ চকুত ধূলি দি হেণ্ডকাফসহ পলায়ন আচামীৰ(Accused escapes from court premises with handcuffs) ৷ তিতাবৰ ন্যায়িক আদালতত হাজিৰ কৰাবলৈ নিয়া সময়তে আদালত চৌহদৰ পৰা পলায়ন কৰে আচামীটো । তিতাবৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আচামীটোৰ ৷

ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী তুৱা বৰাৰ দেহাৱসান

শনিবাৰে নিশা বিশিষ্ট সমাজকৰ্মী, ভাষা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী তুৱা বৰাই শেষ নিশ্বাস ত্যাগ কৰে (Tua Bora passes away) ৷

ভাত ৰান্ধি নিদিয়াৰ বাবেই স্বামীয়ে গুৰিয়াই গুৰিয়াই হত্যা কৰিলে পত্নীক

মানৱ ৰূপী দানৱৰ বৰ্বৰতাই লৈছে চৰম ৰূপ ৷ কোকৰাঝাৰত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে (Murder case in Kokrajhar)৷ ভাত ৰান্ধি নিদিয়াৰ বাবেই স্বামীয়ে গুৰিয়াই গুৰিয়াই হত্যা কৰিলে পত্নীক (Husband killed wife in Kokrajhar)৷

গুৱাহাটীত সৰ্বানন্দ সোণোৱালক বিপুল আদৰণি

কেন্দ্ৰীয় সংসদীয় ব'ৰ্ড আৰু নিৰ্বাচন প্ৰৱন্ধন কৰ্ণধাৰ সমিতিৰ সদস্য নিৰ্বাচিত হোৱাৰ পাছত দেওবাৰে প্ৰথমবাৰৰ বাবে অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বৰঝাৰ বিমানবন্দৰত দলীয় নেতা-কৰ্মীসকলে উষ্ণ আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক(Sonowal received a huge welcome in Guwahati) । সোমবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ চেন্টাৰত অভিনন্দন অনুষ্ঠানৰ আয়োজন ।

মেগছেছে বঁটা প্ৰত্যাখ্যান কৰিলে কেৰালাৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী শৈলাজাই

কেৰালাৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী কে কে শৈলাজাই 2022 ৰ মেগছেছে বঁটা প্ৰত্যাখ্যান কৰিছে (KK Shailaja rejects Ramon Magsaysay Award) ৷ কিয়নো চিপিএমৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী শৈলাজাক এই বঁটা গ্ৰহণৰ বিৰোধিতা কৰিছে ৷ যাৰ বাবে কেৰালাৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত (Ramon Magsaysay Award 2022) ৷

বিশিষ্ট চিন্তাবিদ উদয়াদিত্য ভৰালীৰ ৩ খনকৈ গ্ৰন্থ উন্মোচন

'জাতি সমস্যাৰ প্ৰশ্ন আৰু অন্যান্য' শীর্ষক প্রবন্ধ সংকলনখন উন্মোচন কৰে বিশিষ্ট লেখক-বুদ্ধিজীৱী অৱনী বৰঠাকুৰে (New book of eminent writer Udayaditya Bharali)। 'ধলফাট' শীর্ষক গল্প সংকলনখন উন্মোচন কৰে সাহিত্য অকাডেমী বঁটা বিজয়ী, বিশিষ্ট গল্পকাৰ অৰূপা পটংগীয়া কলিতাই । উদয়াদিত্য ভৰালীৰ জীৱন আৰু সান্নিধ্যক লৈ প্ৰকাশ কৰা 'জাগ্রত বিবেক উদয়াদিত্য ভৰালী' শীর্ষক অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰীয়ে ।

ABOUT THE AUTHOR

...view details