পুনৰ ঘোচ লৈ হাত দাঙিলে আন দুগৰাকী চৰকাৰী বিষয়াই
ক্ৰমাৎ দীঘলীয়া হৈছে ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ তালিকা ৷ বুধবাৰে পুনৰ আন দুই চৰকাৰী বিষয়া-কৰ্মচাৰীক হাত দঙাই ফটো উঠালে দুৰ্নীতি নিবাৰক শাখাই (Directorate of Vigilance and Anti-Corruption)৷
Assam CM reaction on PFI Ban: গৰুখুটি কাণ্ড আৰু কা আন্দোলনৰ আঁৰত আছিল পি এফ আই
ইছলামিক সংগঠন পি এফ আইৰ বিৰুদ্ধে দেশজুৰি মাৰাথন অভিযান চলাৰ পাছত অৱশেষত মঙলবাৰ অৰ্থাৎ 27 ছেপ্টেম্বৰৰ দিনা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সংগঠনটোক নিষিদ্ধ ঘোষিত কৰে ৷ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (PFI)ৰ লগতে ইয়াৰ সহযোগী আন আঠটা সংগঠনকো ৫ বছৰৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কৰিছে (Centre bans PFI for 5 years)।
Centre bans PFI: PFI ক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
"পিএফআই আৰু ইয়াৰ সহযোগী মৰ্চাসমূহে এটা আৰ্থ-সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক সংগঠন হিচাপে মুকলিকৈ কাম কৰি আহিছিল (Centre bans PFI for 5 years) ৷ কিন্তু, তেওঁলোকে দেশৰ গণতন্ত্ৰৰ ধাৰণাটোক ভেঙুচালি কৰাৰ দিশত কাম কৰাৰ লগতে সমাজৰ এটা বিশেষ শ্ৰেণীক উগ্ৰপন্থী সজাবলৈ আৰু দেশৰ সাংবিধানিক কৰ্তৃত্ব আৰু গঠনৰ প্ৰতি সম্পূৰ্ণ অসন্মান প্ৰদৰ্শন কৰিবলৈ এক গোপন কাৰ্যসূচীক অনুসৰণ কৰি আহিছে,” চৰকাৰী অধিসূচনাখনত এইদৰে উল্লেখ কৰা হৈছে ।
জলমিত্ৰৰ প্ৰতিবাদত কঁপিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়
হেঙেৰাবাৰীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰিলে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত শ শ জলমিত্ৰই (Jal Mitra Protest at Guwahati)। অতি শীঘ্ৰে চাকৰি নিয়মীয়াকৰণ আৰু মাহিলি মাননি প্ৰদানৰ দাবী জলমিত্ৰসকলৰ । বহু সময় ধৰি পথ অৱৰোধ কৰি ৰাখিলে প্ৰতিবাদকাৰীসকলে ।
চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ ৯ টা বিৰোধী দল
শিক্ষা ব্যৱস্থাক লৈ চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্যৰ ৯ টাকৈ বিৰোধী দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Oppositions protest in Guwahati)। গুৱাহাটীত ভাৰতীয় জাতীয় কংগ্ৰেছ, চিপিআই (এম), অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই, চিপিআই (এমএল), আৰজেডি, এনচিপি আৰু জাতীয় দল অসমৰ প্ৰতিবাদ ।