অসম

assam

ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি - 9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP 10 AT 9 AM
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

By

Published : Dec 23, 2022, 9:11 AM IST

Jorhat Fire Incident: যোৰহাটৰ অগ্নিকাণ্ডই লৈছে ভয়ংকৰ ৰূপ, অলৰ-অচৰ জ্যোতিপ্ৰসাদ

প্ৰায় 24 ঘণ্টাৰ পাছতো নিৰ্বাপিত হোৱা নাই যোৰহাটৰ জুই (Jorhat Fire Incident)৷ বুধবাৰে নিশা মাৰোৱাৰীপট্টিত সংঘটিত অগ্নিকাণ্ডই লৈছে ভয়ংকৰ ৰূপ ৷ জাহ গৈছে ইটোৰ পাছত সিটো বাসগৃহ, ইখনৰ পাছত সিখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ তাৰ মাজতো জিলিকি ৰৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ৷

Social Harassment: বিজেপিত যোগ দি এঘৰীয়া 11 টা পৰিয়াল

মানৱ সমাজক লজ্জানত কৰা এখন সমাজৰ হঠকাৰী সিদ্ধান্ত । কৰিমগঞ্জৰ 11 টাকৈ পৰিয়ালৰ বিৰুদ্ধে একাংশ গাঁওবাসীয়ে একপ্ৰকাৰে জাৰি কৰিলে কেবাটাও ফটোৱা । শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰা হ’ল পৰিয়ালকেইটাৰ ল'ৰা-ছোৱালীক ৷ বন্ধ কৰি দিয়া হয় অহা-যোৱাৰ বাট পথ ৷ আনকি পৰিয়ালকেইটাৰ বাসগৃহত অগ্নিসংযোগ কৰি তেওঁলোকক হত্যাৰ চেষ্টা চলায় একাংশ গাঁওবাসীয়ে ৷

Jorhat Fire Incident: যোৰহাটৰ অগ্নিকাণ্ডই লৈছে ভয়ংকৰ ৰূপ, অলৰ-অচৰ জ্যোতিপ্ৰসাদ

প্ৰায় 24 ঘণ্টাৰ পাছতো নিৰ্বাপিত হোৱা নাই যোৰহাটৰ জুই (Jorhat Fire Incident)৷ বুধবাৰে নিশা মাৰোৱাৰীপট্টিত সংঘটিত অগ্নিকাণ্ডই লৈছে ভয়ংকৰ ৰূপ ৷ জাহ গৈছে ইটোৰ পাছত সিটো বাসগৃহ, ইখনৰ পাছত সিখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ তাৰ মাজতো জিলিকি ৰৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ৷

Assam Tea Corporation: লীজত দিলেও বাগিচাৰ মালিকীস্বত্ত্ব অসম চাহ নিগমৰ হাততে থাকিব: মুখ্যমন্ত্ৰী

অসম চাহ নিগমৰ অধীনস্থ চাহ বাগিচাসমূহৰ ভৱিষ্যৎ কর্মপন্থা নিৰূপণ সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক । বাগিচাসমূহ লীজত লৈ পৰিচালনাৰ দায়িত্ব লোৱা নতুন কর্তৃপক্ষই বাগিচাসমূহৰ কৰ্মচাৰী তথা কৰ্মীসকলৰ প্ৰাপ্য আদায় দিয়াত ব্যর্থ হ’লে ৰাজ্য চৰকাৰে তেনে বাগিচাসমূহ পৰিচালনাৰ দায়িত্ব ওভতাই আনিব ।

Molestation of minor in Sonari: নাবালিকাক যৌন নিৰ্যাতন চলাই আটক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা

সোণাৰিত নাবালিকাক নিৰ্যাতনৰ ঘটনা (Molestation of minor) ৷ নিজৰ আত্মীয়ৰ এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী হ’ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা চাজু বৰা (AJYCP leader arrested in Sonari)

Attractive tourist destination in Guwahati: ব্ৰহ্মপুত্ৰৰ বালি চাপৰিক লৈ পৰ্যটন বিভাগৰ নতুন পৰিকল্পনা

গুৱাহাটীৰ ওচৰৰ বালিচাপৰিত স্থায়ী পৰ্যটন তথা মনোৰঞ্জন ক্ষেত্ৰ হিচাপে বিকাশৰ পৰিকল্পনা ৰাজ্যৰ পৰ্যটন বিভাগৰ(Attractive tourist destination in Guwahati) । নৱবৰ্ষৰ পহিলা দিনটোতে সুবিধা ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব এই পৰ্যটন ক্ষেত্ৰ । ফেৰীৰে এই বালিচাপৰিলৈ আহি সকলোৱে ইয়াত থকা মনোৰঞ্জনৰ বিভিন্ন সা-সুবিধা তথা ৰোমাঞ্চকৰ অভিজ্ঞতা উপভোগ কৰিব পাৰিব ।

AATSA Memorandum to OIL Authority: থলুৱাৰ সংস্থাপনৰ দাবীৰে ভাৰতীয় তেল নিগম কৰ্তৃপক্ষলৈ আটছাৰ স্মাৰক পত্ৰ

কলিয়াবৰ আটছা জিলা সমিতিৰ বিষয়ববীয়া আৰু সদস্যৰ এক প্ৰতিনিধিৰ দলে ৰাঙলুস্থিত চিকনী ভাৰতীয় তেল নিগমৰ পাম্পিং ষ্টেশ্যন কৰ্তৃপক্ষৰ জৰিয়তে নিগমৰ উৰ্ধ্বতম কৰ্তৃপক্ষলৈকে স্থানীয় দক্ষ আৰু অদক্ষ শ্ৰমিকক নিয়োগ কৰাৰ দাবীৰে বৃহস্পতিবাৰে এক স্মাৰক পত্ৰ প্ৰদান কৰে (AATSA submits Memorandum to OIL Authority) ৷

Paddy procurement in Assam: চৰকাৰৰ ধান ক্ৰয়ৰ সিদ্ধান্তক সমৰ্থন অখিল গগৈৰ

ৰাজ্যৰ কৃষকৰ পৰা ধান ক্ৰয় কৰা চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনাইছে বিধায়ক অখিল গগৈয়ে (Akhil Gogoi on paddy procurement)৷ এই প্ৰসংগত গগৈয়ে কয় যে, বৰ্তমান ৰাজ্যত যিমান সংখ্যক ধান ক্ৰয় কেন্দ্ৰ আছে, বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে(Paddy procurement centre in Assam) ৷ এটা পঞ্চায়ত কমেও এটা ধান ক্ৰয় কেন্দ্ৰ প্ৰতিষ্ঠা কৰাটো জৰুৰী বুলি বৃহস্পতিবাৰে বিধানসভাত মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ কেৱল ৰঞ্জিত আৰু বাহাদুৰ ধানেই নহয়, শালি আৰু বাওধানসমূহো ক্ৰয় কৰাৰ আহ্বান জনালে বিধায়ক অখিল গগৈয়ে ৷

Cook and Assistant cook Suspended: বিদ্যালয়ৰ ৰান্ধনী গৃহ পৰিণত হৈছে মদৰ মহললৈ

মাজুলীৰ কিছু সংখ্যক বিদ্যালয়ত চলিছে কি আজিৰ তাৰিখৰ সেয়া এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে ? কেতিয়াবা যদি চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিক লৈ প্ৰশ্ন উঠে আৰু কেতিয়াবা আকৌ শিক্ষক সময়মতে বিদ্যালয়ত উপস্থিত নাথাকে । এইবাৰ মাজুলীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এখন ভয়ংকৰ ছবি পোহৰলৈ আহিছে ।

Additional Security Assistance for Ukraine: ইউক্ৰেইনলৈ আমেৰিকাৰ সামৰিক সাহায্য

আমেৰিকাত উপস্থিত হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি (Ukraine president Zelensky visit US)। হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনক সাক্ষাৎ কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে । একে সময়তে, আমেৰিকাই ইউক্ৰেইনৰ বাবে এক বিলিয়ন ডলাৰৰো অধিক অতিৰিক্ত সামৰিক সাহায্য ঘোষণা কৰিছে ।

ABOUT THE AUTHOR

...view details