অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 9 AM

9 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-9-am
9 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Dec 15, 2022, 8:58 AM IST

Government official beaten up: পলিথিনৰ বিৰুদ্ধে অভিযান চলাবলৈ অহা চৰকাৰী বিষয়াক প্ৰহাৰ

বৰপেটাত ভয়ংকৰ কাণ্ড ৷ পলিথিনৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে মঙলবাৰে বৰপেটাৰোডৰ বজাৰত প্ৰৱেশ কৰা স্বচ্ছ ভাৰত মিছনৰ (Swachh Bharat Mission) বিষয়া-কৰ্মচাৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰে ব্যৱসায়ীয়ে ৷

International Agri Horticulture Fair: ১৭ ডিচেম্বৰৰ পৰা গুৱাহাটীত আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা

অহা ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ কৃষি, উদ্যানশস্য আৰু খাদ্য সংসাধন বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব 'সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা-২০২২' (7th Assam International Agri Horticulture Fair 2022) । এই মেলা খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব ।

Doctor Nurul Islam Press meet: মোৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন হৈছে- চিকিৎসক নুৰুল ইছলাম

শেহতীয়াকৈ সংবাদমাধ্যমত ছিজাৰিয়ানৰ নামত এগৰাকী চিকিৎসকে প্ৰসূতিৰ আত্মীয়ৰ পৰা ধন দাবী কৰা আৰু নিৰ্ধাৰিত ধন নিদিয়াৰ কাৰণে প্ৰসূতি মাতৃ-সন্তানক চিকিৎসকে অভিশাপ দিয়াৰ বাতৰি প্ৰচাৰ হৈছিল ৷ বৰপেটা অসামৰিক চিকিৎসালয়ৰ (Barpeta Medical College) চিকিৎসক নুৰুল ইছলামৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছিল প্ৰসূতি ৰোগী আৰু পৰিয়ালে ৷

Gamocha gets GI tag: হেঁপাহৰ গামোচাখনে বিশেষ স্বীকৃতি লাভৰ পাছতে উৎফুল্লিত ৰাজ্যবাসী

গামোচাখন কেৱল অসমৰে ৷ ভাৰত চৰকাৰৰ GI Tag লাভ কৰিলে অসমৰ গামোচাই (Gamocha gets GI tag)৷ উৎসাহিত হৈ পৰিছে থলুৱা শিপিনীসকল ৷ GI tag স্বীকৃতিৰ পিছত কি লাভ হ’ব থলুৱা বস্ত্ৰ শিল্পৰ ?

Gamocha gets GI tag: দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাতে গামোচাই লাভ কৰিলে স্বীকৃতি: মন্ত্ৰী বিমল বড়া

‘‘অসমীয়া শিপিনীৰ হাতত যাদু আছে’’৷ মহামানৱ মহাত্মা গান্ধীয়ে তাহানিতে প্ৰশংসাৰে উপচাই যোৱা বাক্যশাৰীয়ে যেন পূৰ্ণতা পালে (Mahatma Gandhi about Assamese weavers) । ভাৰত চৰকাৰে অসমীয়া গামোচাখনক GI TAG প্ৰদান কৰাৰ পাছতেই থলুৱা শিপিনীসকলৰ লগতে সমগ্ৰ অসমবাসী গৌৰৱান্বিত হৈ পৰিছে (Assamese Gamocha gets GI tag)।

Cabinet Meeting in Jorhat: কেবিনেট বৈঠকৰ কৃপাত যোৰহটীয়া ৰাইজে দেখিছে কাহানিও নেদেখা ছবি

যোৰহটীয়া ৰাইজে দেখিছে এক নতুন ছবি ৷ সৰ্বাংগ সুন্দৰ ৰূপত সজাই তোলা হৈছে যোৰহাট নগৰক ৷ কাৰণ কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে যোৰহাটত অনুষ্ঠিত হ'ব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট বৈঠক (Cabinet meeting in Jorhat)। ফলত নগৰখন উদ্ভাসিত হৈ পৰিছে ৷ কেবিনেট বৈঠকৰ বাবে যিসমূহ ভগ্নপ্ৰায় পথ আছিল, সেইসমূহো কেবিনেট বৈঠকৰ এদিন পূৰ্বে মসৃণ হৈ পৰিল ৷

Assam BJP president Bhabesh Kalita: দীপাংক নাথে বিজেপিত যোগদানৰ সন্দৰ্ভত হোৱা নাই আলোচনা

দীপাংক কুমাৰ নাথে বিজেপিত যোগদানৰ সন্দৰ্ভত কোনো আলোচনা হোৱা নাই ৰাজ্যিক বিজেপিৰ সভাপতিৰ সৈতে ৷ মহাভাৰতৰ যুদ্ধত ভূপেন বৰাই শকুনি মামাৰ চৰিত্ৰ ৰূপায়ন কৰিব ৷ উপাধি চাই কংগ্ৰেছৰ দিনতহে বিষয়া বাছনি কৰা হৈছিল ৷ এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ (Assam BJP president Bhabesh Kalita)৷

Tawang border issue: ইষ্টাৰ্ণ এয়াৰ কমাণ্ডক সস্তম হৈ থকাৰ নিৰ্দেশ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ

চীন সীমান্তৰ নিৰাপত্তা বৃদ্ধিৰ বাবে শিলিগুৰিৰ বাগডোগ্ৰা বায়ুসেনা ঘাটিক সাজু হৈ থাকিবলৈ কোৱা হৈছে (India China face off)। সীমান্তত চীনে ড্ৰ’ন বা আন কোনো প্ৰযুক্তি ব্যৱহাৰ কৰে নেকি সেই সন্দৰ্ভতো চকু ৰাখিবলৈ কোৱা হৈছে । ভাৰত-চীন সীমান্তত এল-৭০ এয়াৰ ডিফেন্স গান (L 70 Air defense gun) মোতায়েন কৰা হৈছে, যিটো বন্দুক শত্ৰুৰ যুদ্ধ বিমান আৰু ড্ৰোনত গুলীচালনা কৰিবলৈ সক্ষম ।

One detained with pistol at Diphu : ডিফুত আৰক্ষীৰ তালাচীত উদ্ধাৰ পইন্ট ৩২ পিষ্টল

ডিফুৰ ডিলাজিত আৰক্ষীৰ তালাচীত উদ্ধাৰ পইন্ট ৩২ পিষ্টল (Pistol recovered at Diphu) ৷ ছয় উগ্ৰপন্থী সংগঠন মূলসুঁতিলৈ ঘূৰি অহাৰ পাছত চৰকাৰে পাহাৰীয়া জিলাখনত শান্তি ঘূৰি আহিছে বুলি দাবী কৰিলেও আজি পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ সমীপত অবৈধ মৰণাস্ত্ৰসহ এজন যুৱকক আটক কৰা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত জিলা উপ আৰক্ষী অধীক্ষক (মুখ্য) নাহিদ কৰিশ্মাৰ নেতৃত্বত ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনটি মজুমদাৰৰ সহায়ত ডিফুৰ সমীপৰ ডিলাজি ফৰেষ্ট গেইটৰ যতীন শইকীয়াৰ পুত্ৰ মিণ্টু শইকীয়াৰ ঘৰত তালাচী চলাই এটা পইন্ট ৩২ পিষ্টলৰ আৰু দুই জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

BJP Joining Campaign: চেঙা সমষ্টিত একেদিনাই তিনি শতাধিক সংখ্যালঘুৰ বিজেপিত যোগদান

AIUDFৰ দুৰ্গ হিচাপে পৰিচিত চেঙা সমষ্টিত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী ৷ একে দিনাই তিনিশতাধিক সংখ্যালঘু লোকে যোগদান কৰিলে বিজেপিত ৷ অসম গণ পৰিষদ, এ.আই.ইউ.ডি.এফ আৰু কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান চৰাঞ্চলৰ তিনি শতাধিক লোকে ৷

ABOUT THE AUTHOR

...view details