ছোনিয়াৰ সেউজ সংকেত : AICC ৰ সভাপতিৰ যুঁজত নমাৰ পূৰ্ণ সম্ভাৱনা শশী থাৰুৰৰ
২৪ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া । মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ ৮ অক্টোবৰ আৰু প্ৰয়োজন সাপেক্ষে ১৭ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব (Congress president election )। ১৯ অক্টোবৰত ফলাফল ওলাব । ইতিমধ্যে ছোনিয়া গান্ধীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে সেউজ সংকেত লাভ কৰিছে শশী থাৰুৰে (Shashi Tharoor gets Sonia Gandhis nod) ৷
জম্মু-কাশ্মীৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুটা সন্ত্ৰাসবাদী
কাশ্মীৰৰ অনন্তনাগ জিলাত গ্ৰেপ্তাৰ আনচাৰ ঘাজৱাত উল হিন্দ চমুকৈ AGuH ৰ সদস্য (two hybrid terrorists of AGuH arrested) ৷ দুয়োটা সন্ত্ৰাসবাদীৰ পৰা জব্দ কৰা হৈছে দুটা পিস্তল, দুটা মেগজিন আৰু 15 জাঁই সজীৱ গুলী ৷
সাংবাদিকে কি কি প্ৰশ্ন কৰিব সেয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতেহে হ’ব !
সংবাদ জগতক নিয়ন্ত্ৰণৰ বাবে উঠি-পৰি লাগিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ যিকোনো ধৰণৰ অভিযোগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীক সাংবাদিকে প্ৰশ্ন কৰিলেই খঙত টিঙিৰি-তুলা হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ সাংবাদিকে কি প্ৰশ্ন কৰিব সেয়াও যেন মুখ্যমন্ত্ৰীগৰীকীয়েহে নিৰ্ধাৰণ কৰি দিব ৷ এইবাৰ সংবাদ প্ৰতিষ্ঠানৰ সম্পাদকলৈ চিঠি লিখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma wrote letter to editors)৷
অৱশেষত জয়মালাৰ কাষত অসম চৰকাৰৰ প্ৰতিনিধি দল
জয়মালাক স্বচক্ষে প্ৰত্যক্ষ কৰিল অসম চৰকাৰৰ এটা প্ৰতিনিধি দলে ৷ তামিলনাডুত জয়মালা সুস্থ অৱস্থাত থকা বুলি জনালে দলটোৱে (Jayamala elephant in Tamil Nadu)৷
চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদত বহিল বঞ্চিত শিক্ষক
চচলত প্ৰাদেশিকীকৰণৰ দাবীত প্ৰতিবাদত বহিল প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষকসকল (Venture teachers protest in Chachal) ৷ প্ৰাপ্য অধিকাৰৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷