অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Sep 16, 2022, 9:06 AM IST

Updated : Sep 16, 2022, 1:03 PM IST

জনজাতিকৰণৰ বাবে তীব্ৰ আন্দোলনৰ আহ্বান আখিল গগৈৰ

বুধবাৰে একাষৰীয়া কৰা হ’ল অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী ৷ ইয়াকে লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ জনজাতিকৰণৰ প্ৰসংগত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi on ST status)৷

স্বাক্ষৰিত হ'ল আদিবাসী শান্তি চুক্তি: মাজবাটত ফটকা ফুটাই মিঠাই বিতৰণ কৰি আনন্দ-উল্লাস

নতুন দিল্লীত স্বাক্ষৰিত হ’ল ৰাজ্যৰ পাঁচটাকৈ আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি চুক্তি (Peach accord with Adivasi militants)৷ আদিবাসীৰ উন্নয়নৰ স্বাৰ্থত হাতত অস্ত্ৰ তুলি লোৱা পাঁচটাকৈ উগ্ৰপন্থী সংগঠনে স্বাক্ষৰ কৰিলে এই শান্তি চুক্তিত । ২০১২ চনত অস্ত্ৰ সম্বৰণ কৰি শান্তি আলোচনা লৈ আহিছিল সংগঠন কেইটাই । ২০১৩ চনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে প্ৰথমখন শান্তি আলোচনাত মিলিত হৈছিল পাঁচটাকৈ উগ্ৰপন্থী সংগঠনে ।

সোণাৰিত বলীউডৰ কায়দাৰে বিদ্যালয়লৈ গৈ থকাৰ ছাত্ৰক অপহৰণৰ চেষ্টা

সোণাৰিত বলীউডৰ কায়দাৰে বিদ্যালয়লৈ গৈ থকা এগৰাকী ছাত্ৰক অপহৰণৰ চেষ্টা চলোৱা ঘটনা পোহৰলৈ আহিছে (Student kidnapping case) ৷ বিদ্যালয়লৈ গৈ থকা এজন ছাত্ৰক চলাহী কথাৰে প্ৰলোভন দি বলপূৰ্বকভাৱে গাড়ীত লৈ যোৱাৰ চেষ্টা দুৰ্বৃত্তৰ (Student attempted to kidnapping at Sonari) ৷

অসমক ঘূৰাই দিয়া নহ’ব জয়মালা কিম্বা অন্য হাতীকেইটাক

বৰ্তমান তামিলনাডুৰ শ্ৰীভিলিপুট্টুৰ মন্দিৰত থকা অসমৰ জয়মালা নামৰ হাতীটো তামিলনাডুতে থাকিব (No plans to send temple elephant Jayamala back to Assam) ৷ অসমক ঘূৰাই দিয়া নহ’ব জয়মালা কিম্বা অন্য হাতীকেইটা ৷ এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে তামিলনাডু চৰকাৰে ৷ আনকি বৃহস্পতিবাৰে এই সন্দৰ্ভত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত তামিলনাডু চৰকাৰে দাখিল কৰিছে এক প্ৰতিবেদনো ৷

Delhi Liquor Policy scam : বিজেপিয়ে মুকলি কৰিলে ষ্টিং অপাৰেচনৰ ভিডিঅ'

দিল্লী চৰকাৰৰ নতুন আবকাৰী নীতিৰ (Delhi Govt liquor policy) কেলেংকাৰীক লৈ বিৰোধীৰ ৰাজনীতি অব্যাহত আছে । এইবাৰ বিজেপি আন এক গুৰুতৰ অভিযোগ । কেলেংকাৰীৰ ধন গোৱা আৰু পাঞ্জাৱৰ নিৰ্বাচনত ব্যৱহাৰ হৈছিল । কেজৰিৱাল চৰকাৰৰ মাত্ৰ এটাই নীতি আছে । সেয়া হৈছে কেলেংকাৰীৰ নীতি ।

জনজাতিকৰণ: টিংখাঙত চোঁচৰালে মোদীৰ জুমুঠি

আটাছু আৰু আছাৰ কৰ্মীসকলে ৰাজগড়ৰ ৰাজপথত চোঁচৰাই চোঁচৰাই দাহ কৰিলে প্ৰধানমন্ত্ৰী ‌নৰেন্দ্ৰ মোডীৰ জুমুঠি (ATASU And AASA protest in Tingkhang) ৷ অসমৰ ৬ টা জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰতাৰণা সহ্য কৰা নহ'ব বুলি উল্লেখ কৰি অনাগত দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে সংগঠন কেইটাই ।

ছয় জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধতা নাই, আগ্ৰহ নাই: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

বুধবাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচ ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই (Apurba Kumar Bhattacharjee reacts on ST) ।

বিজেপি চৰকাৰৰ দিনত বিদ্ৰোহী সংগঠনলৈ গৈছে ৰাজ্যৰ ১৫৬১ গৰাকী যুৱক-যুৱতী

ছয় বছৰত সৰ্বাধিক ৮১১ গৰাকী যুৱক-যুৱতীয়ে যোগদান কৰিছে এনডিএফবিত (811 youth joined NDFB in last 6 years) । আলফা স্বাধীনত যোগদান কৰিছে ২০৩গৰাকী যুৱক-যুৱতীয়ে (203 youth joined ULFA in last 6 years) । ১৬৪ গৰাকীয়ে এনএলএফবিত, ৩৫১ গৰাকীয়ে পিডিচিকে আৰু ৩২ গৰাকীয়ে যোগদান কৰিছে নিষিদ্ধ ঘোষিত ইউপিআৰএফত । ছয় বছৰত মূলসুঁতিলৈ ঘূৰি আহিছে ২৩ টা উগ্ৰবাদী সংগঠনৰ ৭৯৩৫ গৰাকী সদস্য ।

বিশ্ব খনিকৰৰ পূজাৰ বাবে ব্যস্ত মৃৎশিল্পী তথা ব্যৱসায়ী

বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী (Vishwakarma Puja 2022) । সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ জোনাইতো দেখা গৈছে বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল (Vishwakarma Puja preparation at Jonai) ।

ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ খেলৰ টিকটৰ মূল্য নিৰ্ধাৰণ

অসম ক্ৰিকেট সন্থাৰ সংবাদমেল । ২ অক্টোবৰত অনুষ্ঠিত হ'বলগা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেলৰ বাবে টিকট মুকলি (India Vs South Africa T20) । ১৬ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়ৰ টিকট মুকলি । দৰ্শকে ১১ বজাৰ পৰা ক্ৰয় কৰিব পাৰিব টিকট । প্ৰথম পৰ্যায়ত বিক্ৰী কৰা হ'ব ১৫ হাজাৰ টিকট ।

Last Updated : Sep 16, 2022, 1:03 PM IST

ABOUT THE AUTHOR

...view details