দিনে-ৰাতিয়ে চলিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম
জানুৱাৰীৰ ভিতৰতে ৫শ মেগাৱাট বিদ্যুৎ উৎপাদন আৰম্ভ কৰাৰ লক্ষ্য NHPCৰ ৷ সোমবাৰে নিশা মূল বান্ধলৈ গৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে অসম জাতীয় পৰিষদে ৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত গেৰুকামুখলৈ গ'ল জাতীয় পৰিষদৰ বৃহৎ প্ৰতিনিধি দল ৷
প্ৰসংগ ফেচবুক প’ষ্ট: জয়া কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু ভবেশ কলিতাৰ
অসমৰ ৰাজনীতিত পুনৰ আন এক বিতৰ্ক ৷ ভিক্টৰ দাসৰ পিছত এইবাৰ ৰঙিয়াৰ নগৰৰ 9 নং ৱাৰ্ডৰ নিবাসী জয়া কলিতাই ফেচবুকৰ এটা প’ষ্টে লগাইছে খলকনি ৷ ইতিমধ্যে জয়া কলিতাৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই ৰঙিয়া থানাত দাখিল কৰিছে এজাহাৰ (Bhabesh Kalita files case against Jaya Kalita at Rangia) ৷
দুটাকৈ মন্দিৰ সাজি দিলে ছাদত উল্লাহ ছাকফে
2010 চনত ছাদত উল্লাহ ছাকফে বীৰভদ্ৰস্বামী মন্দিৰটো সাজি উলিয়াইছিল এটা কাৰণতে- যাতে সেই অঞ্চলৰ হিন্দু আৰু মুছলমান লোকৰ মাজত কেতিয়াও কোনেও বিভেদৰ বিষবাস্প বিয়পাব নোৱাৰে ৷ সেই মন্দিৰটো সেই সময়ত উদ্বোধন কৰিছিল প্ৰয়াত সিদ্দগংগাশ্ৰী ড৹ শিৱকুমাৰ স্বামীজীয়ে ৷
ছেকেন্দ্ৰাবাদত অগ্নিকাণ্ডত মৃত্যু 8 জনৰ
ছেকেন্দ্ৰাবাদত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে 8 জনে (Fire broke out in a lodge in Secunderabad) ৷ এটা পাঁচ মহলীয়া বিল্ডিংৰ চেলাৰত থকা এখন ইলেক্ট্ৰিক বাহনৰ শ্ব’ৰুমত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ।
দালালৰাজৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া লুৰিণজ্যেতি গগৈ
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত ধনৰ লেন-দেনৰ অভিযোগ তুলি ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ লগতে দেওবাৰে গুৱাহাটী মহানগৰীত আৰক্ষীয়ে জল সম্পদ বিভাগৰ হৈ ভুৱা নিযুক্তি পত্ৰ বিলোৱা এটা দালাল চক্ৰকো উৎখাত কৰাত ৰাজ্যত আন এক জোকাৰণিৰ সৃষ্টি হৈছে (Appointments Controversy) ৷ এই সন্দৰ্ভত আজি ধেমাজি প্ৰেছ ক্লাৱত সংবাদমেলৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যেতি গগৈয়ে (lurinjyoti gogoi reacts on appointments controversy) ৷