মোডীৰ সভাত মানুহ অনাৰ বাবে বাহনৰ বাবদ ২৯.৩৫ কোটি টকা ব্যয়
ডিব্ৰুগড় আৰু কাৰ্বি আংলঙৰ প্ৰধানমন্ত্রীৰ সভাৰ বাবে বাছ-ছুমুকে ধৰি ৮,১৫০ খন যাত্রীবাহী বাহন অধিগ্ৰহণ চৰকাৰৰ (Expenditure on traveling to Modi's meeting)। মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈকে তিনিদিন ধৰি বাছৰ অভাৱত পণবন্দী সাধাৰণ যাত্রীসকল । মোদীৰ সভালৈ মানুহ অনাৰ বাবে ৮,১৫০খন যাত্রীবাহী বাহনৰ বাবদ ৰাজকোষৰ পৰা ব্যয় কৰা হৈছে ২৯ কোটি ৩৫ লাখ টকা ।
কাৰ্বি আংলঙৰ জনতাক কি আশ্বাস দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ?
হৰ্ষ ধ্বনিৰে মুখৰিত কাৰ্বি আংলঙত প্ৰধানমন্ত্ৰীৰ শান্তি, ঐক্য আৰু বিকাশৰ ৰেলী ৷ ‘‘ভাজপাৰ ডাবল ইঞ্জিন চৰকাৰ য’তেই থাকিব ত'তেই সবকা সাথ সবকা বিকাশ, বিশ্বাস’’ থকাৰ আশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Modi on double engine government) ৷
ড৹ ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰালে প্ৰধানমন্ত্ৰী মোডীয়ে
ডিব্ৰুগড় খনিকৰত অনুষ্ঠিত জনসভাত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ডিব্ৰুগড়ৰ নৱনিৰ্মিত কেঞ্চাৰ কেয়াৰ হাস্পতালৰ লগতে ৰাজ্যৰ আন ছযখন কেঞ্চাৰ কেয়াৰ হাস্পতাল শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে (PM opened cancer care hospital in Dibrugarh) ৷
ভাৰ্চুৱেলী মুকলি হ'ল যোৰহাট কেঞ্চাৰ হাস্পতাল
ৰাইজৰ সেৱাৰ বাবে বৃহস্পতিবাৰে ৰাজ্যত মুকলি সাতখনকৈ কেঞ্চাৰ হাস্পতাল (PM Modi to inaugurate cancer hospitals in Assam)৷ ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী মোডীয়ে আনুষ্ঠানিকভাৱে কেঞ্চাৰ কেয়াৰ হাস্পতাল (PM Modi Visits Dibrugarh) মুকলি কৰাৰ লগতে ভাৰ্চুৱেলী মুকলি কৰিলে যোৰহাট কেঞ্চাৰ হাস্পতাল ৷
মঙলদৈতো মুকলি হ’ল কেঞ্চাৰ চিকিৎসালয়
মঙলদৈত স্থাপন ৪০ খন বিচনা যুক্ত কেঞ্চাৰ চিকিৎসালয় (Cancer care hospital opened in Mangaldai) ৷ টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত মঙলদৈতো স্থাপন কৰা হৈছে কেঞ্চাৰ চিকিৎসালয় । মঙলদৈ অসামৰিক চিকিৎসালয়ৰ দাঁতিতে স্থাপন কৰা হৈছে এই চিকিৎসালয়খন