Ragging in JB College Jorhat : জেবি কলেজৰ ৰেগিং সন্দৰ্ভত কি ক'লে অতিৰিক্ত আৰক্ষী অধীক্ষকে
জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ৰেগিং সন্দৰ্ভত যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চাহজাহান সৰকাৰৰ সংবাদমেল (Ragging in JB College Jorhat)৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ উৎপল জ্যোতি মহন্তই(JB college principal) দাখিল কৰা এজাহাৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখা হৈছে । 893/2022 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 341/325/506/34 ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ ৷ মহাবিদ্যালয়খনৰ(Jagannath Barooah College) অধ্যক্ষই ৰেগিঙৰ ঘটনাত জড়িত থকাৰ অভিযোগত ৯ জনৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত(Jorhat police station) এজাহাৰ দাখিল কৰা হৈছে ৷
Badaruddin Ajmal Statement : হিন্দু পুৰুষে 40 বছৰ বয়সলৈকে লিপ্ত থাকে অবৈধ সম্পৰ্কত !
হিন্দুক উদ্দেশ্যি বিতৰ্কিত মন্তব্য AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ (AIUDF chief Badruddin Ajmal)৷ তেওঁ কয়- ‘‘হিন্দু ধৰ্মাৱলম্বী লোকে 40 বছৰ বয়সলৈকে 1ৰ পৰা 3 গৰাকী অবৈধ পত্নীৰ লগতে সম্পৰ্ক ৰক্ষা কৰে ৷ 40 বছৰৰ পাছত বিপদত পৰাৰ ভয়ত মাক-দেউতাকে জোৰ কৰি বিয়া পাতি দিয়ে ৷ কিন্তু মুছলমানৰ ছোৱালীয়ে 18 বছৰ আৰু ল’ৰাই 22 বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈ সন্তান জন্ম দিয়ে ৷" এইক্ষেত্ৰত হিন্দুসকলে মুছলমানৰ পৰা ফৰ্মূলা শিকাৰ উপদেশ দিলে বদৰুদ্দিন আজমলে (Badaruddin Ajmal population growth formula) ৷ সমাজত সাম্প্ৰদায়িক বিষবাস্প বিয়পাব পৰা আজমলৰ এনে বহু মন্তব্যই এতিয়া সকলোৰে চকু কঁপালত তুলিছে ৷
Mysterious death Guwahati : ৰহস্যজনকভাৱে বন্ধ কোঠাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ
গুৱাহাটী মহানগৰীত অঘটন ৷ মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীৰ এটা বাসগৃহৰ বন্ধ কোঠাত উদ্ধাৰ হৈছে মাতৃ-কন্যাৰ মৃতদেহ (Mother and Daughter commit Suicide in Guwahati) । স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱৰাৰ বাবে অত্মহত্যাৰ পথ বাচি লোৱাৰ অভিযোগ ৷
Ragging in JB college: 12 জন ছাত্ৰৰ বিৰুদ্ধে মহাবিদ্যালয় কৰ্তৃপক্ষৰ গোচৰ ৰুজু
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ ৰেগিং কাণ্ডই জোকাৰিছে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (Ragging in JB College) ৷ সামাজিক মাধ্যমযোগে মহাবিদ্যালয়খনৰ ছাত্ৰাৱাসত থকা ভুক্তভোগী ছাত্ৰই ৰেগিং সন্দৰ্ভত বৰ্ণনা কৰাৰ পিছতেই ৰেগিঙৰ বিৰুদ্ধে কঠোৰ হৈছে বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড৹ উৎপল জ্যোতি মহন্ত ৷ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ চৈয়দ আব্দুল মালিক ছাত্ৰাবাসত সংঘটিত হৈছিল ৰেগিঙৰ ঘটনা ৷ ছাত্ৰাবাসটোৰ জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে নৱাগত ছাত্ৰই অভিযোগ উত্থাপন কৰাৰ পিছতেই সমগ্ৰ ঘটনাৰে জড়িত 12জন ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই(FIR launched against hostelers of JB college) ৷
Commando Traning: উগ্ৰপন্থীক ৰুধিবলৈ আহি আছে অসম আৰক্ষীৰ নতুন কমাণ্ডো বাহিনী
উগ্ৰপন্থীক কঠোৰ হাতেৰে দমন কৰাৰ উদ্দেশ্যে অসম আৰক্ষীত শেহতীয়াভাৱে সংযোজিত হৈছে কমাণ্ডো বেটেলিয়নৰ এটা বিশেষ বাহিনী(DGP Bhaskar Jyoti Mahanta ) । প্ৰায় ৩০০০ জোৱানেৰে সমৃদ্ধ কমাণ্ডো বেটেলিয়ন বাহিনীক প্ৰশিক্ষণ দিব ভাৰতীয় সেনা বাহিনীয়ে(Police training under Indian Army) । অসম আৰক্ষীৰ এই বিশেষ বাহিনীটোক আজিৰ পৰা বিভিন্ন স্থানত সামৰিক প্ৰশিক্ষণ দিয়াৰ বাবে সাজু কৰি তোলা হৈছে । আজি নাৰেঙ্গী সেনা শিবিৰত আয়োজন কৰা অসম আৰক্ষীৰ কমাণ্ডো ট্ৰেইনিঙৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই(DGP Assam inaugurates police training ) এই কমাণ্ডো বেটেলিয়ান সম্পূৰ্ণ পৃথক হ’ব বুলি জানিবলৈ দিয়ে ।