Jihadi linkman arrested: বঙাইগাঁৱত জেহাদীৰ লিংকমেন গ্ৰেপ্তাৰ
স্বাধীনতা দিৱসৰ পূৰ্বে বঙাইগাঁও আৰক্ষীৰ জালত জেহাদী সদস্য(Jihadi arrested in Bangaigaon) । বঙাইগাঁও সদৰ আৰক্ষীয়ে জেহাদীৰ বিৰুদ্ধে অভিযান চলাই গোৱালপাৰাৰ পাখিউৰুৱা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে জেহাদীৰ লিংকমেনটোক(Bongaigaon police arrested in Ansarullah Bangla terrorists) ৷
Badruddin Ajmal ED Interrogation: আজমল ভ্ৰাতৃদ্বয়ক তিনিবাৰকৈ ই ডিৰ জেৰা !
বদৰুদ্দিন আজমলক এনফ'ৰ্চমেন্ট ডাইৰেক্টৰেট চমুকৈ ই ডিয়ে জেৰা চলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিভ্ৰান্তিকৰ পৰিস্থিতি(MP Badruddin Ajmal under ED)৷ এ আই ইউ ডি এফৰ দুগৰাকীকৈ বিধায়কে বদৰুদ্দিন আজমল আৰু তেওঁৰ ভ্ৰাতৃ চিৰাজুদ্দিন আজমলক(MP Sirajuddin Ajmal) ইতিমধ্যে ই ডিয়ে দুই-তিনিবাৰকৈ জেৰা চলোৱাৰ কথা প্ৰকাশ কৰিছে যদিও বদৰুদ্দিন আজমলে এই কথা অস্বীকাৰ কৰি আহিছে ৷
Atulananda Goswami Passes Away: নৱগ্ৰহত অনন্তকাললৈ শুই পৰিল নামঘৰীয়াৰ স্ৰষ্টা
‘নামঘৰীয়া’ৰ স্ৰষ্টা অতুলানন্দ গোস্বামীয়ে বুধবাৰে শেষ নিশ্বাস ত্যাগ ৷ GMCHৰ পৰা বিশিষ্ট সাহিত্যিগৰাকীৰ নশ্বৰ দেহ মহানগৰীৰ হাতীগড়স্থিত বাসগৃহলৈ লৈ যোৱা হয় (Prominent writer Atulananda Goswami passes away at GMCH)। নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন কৰা হয় ।
Shivnath Barman health update: ড৹ শিবনাথ বর্মনৰ স্বাস্থ্যৰ সামান্য উন্নতি
বিশিষ্ট শিক্ষাবিদ, লেখক, সাংবাদিক ড৹ শিবনাথ বর্মনৰ স্বাস্থ্যৰ সামান্য উন্নতি হৈছে (Health condition of Shivnath Barman improved)। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত সংকটজনক অৱস্থাত ড৹ বৰ্মনক যোৱা ১০ জুলাইত আই চি ইউত ভৰ্তি কৰা হৈছিল । স্বাস্থ্য় মন্ত্ৰী কেশৱ মহন্তই ড৹ বৰ্মনৰ স্বাস্থ্য়ৰ বুজ লোৱাৰ লগতে আশুআৰোগ্য কামনা কৰিছে ।
DimaHasao Road Communication : মৰণফান্দত পৰিণত নিউ হাফলং ষ্টেচন-হাফলং চহৰ সংযোগী পথ
অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ নিউ হাফলং ষ্টেচন আৰু হাফলং চহৰৰ সংযোগী পথটো এতিয়া মৰণ ফান্দত পৰিণত হৈছে । যোৱা মে' মাহত ধাৰাষাৰ বৰষুণৰ ফলত (Flood badly effected Dima Hasao District) পাহাৰীয়া জিলাখন ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছিল । লগতে অসমৰ এই অন্যতম পাহাৰীয়া জিলাত ভূমিস্খলন আৰু বানৰ তাণ্ডৱত ব্যাপক ক্ষয়-ক্ষতি হয় । কেৱল সিমানেই নহয়, ভূমিস্খলনৰ ফলত তিনিগৰাকী লোকে প্ৰাণ হেৰুৱলগীয়া হয় ।