অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - FIH Pro League

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Jun 10, 2022, 5:15 PM IST

মন্ত্রী সিংহলৰ হাততে আছে গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব

মন্ত্ৰী অশোক সিংহলৰ পৰা গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব কৰ্তন কৰা বুলি চলা প্ৰচাৰ শুদ্ধ নহয় বুলি বিবৃতিযোগে স্পষ্ট কৰি দিছে জনসংযোগ বিভাগে । অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগ আৰু নগৰ উন্নয়ন বিভাগৰ চামিলকৰণেৰে পূৰ্বেই গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ গঠন কৰা হৈছে ।

হুইল চেয়াৰত বহিয়েই প্ৰথম বিভাগত উত্তীৰ্ণ মাধুৰ্য দত্ত

মাধুৰ্য দত্ত নামৰ বিশেষভাৱে সক্ষম ছাত্ৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে (Madhurya Dutta secured first division)। হুইল চেয়াৰত বহিয়েই অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰজনে ৬৩ শতাংশ লাভ কৰে ৷

বান পীড়িতৰ সমস্যাৰ বুজ ল’বলৈ উপস্থিত মন্ত্ৰী সঞ্জয় কিষাণ

হোজাইত উপস্থিত অসমৰ শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ (Sanjay Kishan at Hojai) ৷ কেবিনেটৰ দায়িত্ব পালন কৰা উদ্দেশ্যৰে হোজাই জিলাখনৰ বিভিন্ন বিষয়ৰ ওপৰত পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে (Minister Sanjay Kisan visited the flood effected area) ৷ হোজাইৰ ফকিৰাবস্তিত নিৰ্মাণ কাৰ্য চলি থকা আদৰ্শ অংগনবাদী কেন্দ্ৰটো কাম-কাজ বুজ লয় মন্ত্ৰীগৰাকীয়ে ।

উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে আজিৰে পৰা আৰম্ভ অনলাইন আবেদন প্ৰক্ৰিয়া

ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ বাবে আবেদন কৰিবলৈ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ‘দৰ্পণ’ আৰু 'শিক্ষা সংসদ প'ৰ্টেল' নামৰ অনলাইন প'ৰ্টেল মুকলি কৰে ৷ এই প’ৰ্টেলদুটাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তি কৰিব বিচৰা শিক্ষানুষ্ঠানখনো বাচনি কৰিব পাৰিব (Online application process for admission to Assam higher secondary begins) ।

স্মাৰ্ট আৰক্ষীক চেলেঞ্জ কৰি বিদ্যালয়ৰ পৰা চোৰে নিলে কম্পিউটাৰৰ অংশ

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা (Theft in Guwahati)। স্মাৰ্ট আৰক্ষীৰ দূৰ্বলতাৰ সুযোগ লৈ মহানগৰীৰ বিভিন্ন অঞ্চলত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা । এইবাৰ চোৰৰ টাৰ্গেট নাৰেংগীৰ এখন বিদ্যালয়(Narengi High School) । নুনমাটি আৰক্ষী থানাৰ(Noonmati Police Station) অন্তৰ্গত নাৰেংগী হাইস্কুলত বৃহস্পতিবাৰে নিশা চোৰে চলালে লুটপাত ।

ব্ৰডগজ লৈ কেন্দ্ৰ ৰেলব’ৰ্ড আৰু ৰেলৰ নিৰ্মাণ শাখাক জাননী উচ্চ ন্যায়ালয়ৰ

ব্ৰডগজ নিৰ্মানত বিয়াগোম কেলেংকাৰীৰ অভিযোগ ৷ বৃহস্পতিবাৰে ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰা ৰে'ল মন্ত্ৰালয়ৰ সচিব, ৰে'লৱে বৰ্ডৰ চেয়াৰমেন আৰু উত্তৰ পূব সীমান্ত ৰে'লৰ নিৰ্মান শাখাৰ জেনেৰেল মেনেজাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অস্থায়ী প্ৰধান বিচাৰপতি এন কোটিশ্বৰ সিংহ আৰু বিচাৰপতি সৌমিত্ৰ শইকীয়াৰ ডিভিজন বেঞ্চে জাননী জাৰি কৰে ৷

Para Shooting WC 2022: পেৰা শ্বুটিং বিশ্বকাপত ৩টা স্বৰ্ণ-২টা ৰূপৰে উজ্বলিল ভাৰত

পেৰা-শ্বুটিং বিশ্বকাপত মিক্সডত ৫০ মিটাৰ পিষ্টল এছ এইচ ১ শাখাত মনীষ নৰৱাল-সিংৰাজ আধানাৰ ৰূপৰ পদক অৰ্জন ৷ ইতিমধ্য়ে ভাৰতৰ মনীষ-ৰুবিনাই পি৬-১০মিটাৰ এয়াৰ পিষ্টল মিক্সড শাখাত অৰ্জন কৰিছে সোণৰ পদক (Para Shooting WC 2022)। লগতে ভংগ কৰিলে 20 বছৰীয়া শ্বুটাৰৰ 249.6 ৰ বিশ্ব অভিলেখ স্ক'ৰ ।

Protest agaist Nupur Sharma : নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ জামা মছজিদত প্ৰতিবাদ

ইছলাম ধৰ্ম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিজেপিৰ পৰা নিলম্বিত হৈছে দিল্লীৰ বিজেপি মুখপাত্ৰ নুপুৰ শৰ্মা (Nupur Sharma suspended from BJP)।এইবাৰ তেওঁক গ্ৰেপ্তাৰৰ দাবীত দিল্লী জামা মছজিদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে । ধৰ্মীয় আৱেগক আঘাত কৰাৰ অভিযোগত আছাদুদ্দিন ওৱেইচি আৰু বিতৰ্কিত পুৰোহিত য়াতি নৰসিংহানন্দকে ধৰি ৩১ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু ।

জলপ্ৰপাতৰ ফটো ল’বলৈ গৈ পিচলি পৰিল দুজন: এজনৰ মৃতদেহ উদ্ধাৰ

চিক্কিমত জলপ্ৰপাত ফটো ল’বলৈ গৈ নদীত সন্ধানহীন হোৱা দুজন ব্যক্তিৰ সন্ধানত অভিযান অব্য়াহত ৰাখিছে আই টি বি পিৰ দলে ৷ গাড়ী চালক কৰ্ণ বাহাদুৰ টামাঙৰ মৃতদেহ উদ্ধাৰ ৷ বৰ্তমানেও সন্ধানহীন পৰ্যটক উদয় কুমাৰ সিং (Tourist missing in North Sikkim) ৷

FIH Pro League : কমনৱেলথ গেমছৰ পূৰ্বে ভাৰতীয় হকী দলক শক্তিশালী কৰাৰ লক্ষ্য

FIH Pro League ২০২২ ত অহা ১১ জুন আৰু ১২ জুনত বেলজিয়ামৰ বিৰুদ্ধে খেলিব ভাৰতীয় হকীৰ পুৰুষ দলটোৱে (Indian Hockey team in FIH Pro League)। মহিলা দলটোৱেও বেলজিয়াম, আৰ্জেণ্টিনা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে পৰৱৰ্তী খেলবোৰ খেলিব । কমনৱেলথৰ পূৰ্বে এই খেলকেইখন অতি গুৰুত্বপূৰ্ণ হ'ব ভাৰতৰ বাবে ।

ABOUT THE AUTHOR

...view details