Swachh Bharat Mission: লক্ষ্য পূৰণত ব্যৰ্থ বিজেপি চৰকাৰ
স্বচ্ছ ভাৰত মিছন প্ৰকল্পৰ উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছে বিজেপি নেতৃত্বাধীন ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ ৷ ২০১৪ চনতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বি জে পি চৰকাৰে কেন্দ্ৰত শাসন ক্ষমতা দখল কৰাৰ পাচতে আৰম্ভ কৰা হৈছিল স্বচ্ছ ভাৰত অভিযান বা স্বচ্ছ ভাৰত মিছনৰ প্ৰকল্প (Swachh Bharat Mission project in Assam) । কিন্তু 2014 ৰ পৰা 2022 বৰ্ষলৈকে এক সু-দীৰ্ঘ সময়চোৱাত এই অভিলাসী প্ৰকল্পৰ কোনো বিশেষ প্ৰভাৱ পৰা পৰিলক্ষিত নহ’ল ৰাজ্য তথা দেশত ৷
Nagaon encounter case: কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ আৰক্ষীৰ ভুল বুলি মানি লৈছে আনন্দ মিশ্ৰই
পৱন বৰঠাকুৰৰ তদন্তৰ প্ৰতিবেদনক লৈ সন্তুষ্ট আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰক লৈ চৰকাৰে গঠন কৰি দিয়া তদন্ত সমিতিৰ প্ৰতিবেদনক লৈ সন্তুষ্ট নগাৱঁৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra expresses satisfaction with investigation report) । ২২ জানুৱাৰীত সংঘটিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ (Kirtikamal Bora encounter case) আৰক্ষীৰ ভুল আছিল বুলি তদন্তৰ প্ৰতিবেদনত প্ৰকাশ পোৱাত আৰক্ষীৰ ভুল মানি লৈছে আনন্দ মিশ্ৰই ।
Journalist attacked in Chirang: চিৰাঙৰ সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ উত্তাল ৰাজ্য
পুনৰ আক্ৰমণৰ বলি ৰাজ্যৰ সাংবাদিক । চিৰাং জিলাত আৰক্ষীয়ে আক্ৰমণ কৰিলে এগৰাকী সাংবাদিকক (Journalist attacked in Chirang)। এই ঘটনাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ । বিভিন্ন সাংবাদিক সংস্থাই প্ৰতিবাদ সাব্যস্ত কৰি দোষী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।
বৰপেটাত পৌৰসভা নিৰ্বাচনৰ পূৰ্বে নতুন 10 টা আঁচনিৰ আধাৰশিলা স্থাপন
সমাগত পৌৰসভা নিৰ্বাচনৰ পূৰ্বে বৰপেটা জিলাৰ উন্নয়নৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া দেখা গৈছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (ten new schemes to develop barpeta) ৷ মঙলবাৰে বৰপেটাৰোড চহৰৰ উন্নয়নৰ বাবে ১০টাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰীগৰাকীয়ে ৷
গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়লৈ বিশেষ সন্মান
গোলাঘাট জিলাৰ বাবে এক সুখবৰ । জিলাখনত থকা ঐতিহ্যমণ্ডিত ফৰকাটিং মহাবিদ্যালয়লৈ বিশেষ স্বীকৃতি । উত্তৰ-পূৱৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ তালিকাত স্থান পালে ফৰকাটিং মহাবিদ্যালয়ে । ফৰকাটিং মহাবিদ্যালয়ে লাভ কৰিলে NAACৰ মূল্যায়নত A+ গ্ৰেড (Furkating College gets A plus grade in NAAC assessment)।