উপ-নিৰ্বাচন : বতাহত মিলি গ’ল শত্ৰু-মিত্ৰৰ পৰিচয়
ৰাজ্যৰ উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ এসময়ৰ শত্ৰু বৰ্তমান হৈ পৰিছে বন্ধু ৷ বিড়ম্বনাত পৰিছে মাথো সাধাৰণ জনতা ৷
ৰুষ্ট প্ৰকৃতিৰ কালৰূপ; উত্তৰাখণ্ডত 64 জনৰ মৃত্যু 11 জন সন্ধানহীন
উত্তৰাখণ্ড(Uttarakhand)ত কালৰূপ ধাৰণ কৰিছে বানে । ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বানত মৃত লোকৰ সংখ্যা ৷ সেনা আৰু এছ ডি আৰ এফে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷
অখিল গগৈয়ে দুমাহত থাওৰাবাসীৰ আস্থা লাভ কৰাতো অসম্ভৱ : সুশান্ত বৰগোহাঁই
আত্মবিশ্বাস বাঢ়িছে থাওৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ । বৃহস্পতিবাৰে শাসকীয় দলৰ প্ৰাৰ্থী গৰাকীয়ে কয়, থাওৰাত অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে কিছু প্ৰভাৱ বিস্তাৰ কৰিছে যদিও ক্ষতি কৰিব নোৱাৰে বিজেপিক ৷ দুমাহৰ পূৰ্বে আহি থাওৰাৰ এক লাখ পোন্ধৰ হাজাৰ ভোটাৰৰ আস্থা লাভ কৰাটো অসম্ভৱ অখিল গগৈৰ বাবে ৷ উপ-নিৰ্বাচনত বিজেপি এক নম্বৰত থকাৰ বিপৰীতে এতিয়া দ্বিতীয় স্থানৰ বাবে প্ৰতিযোগিতা আৰম্ভ হৈছে কংগ্ৰেছ-ৰাইজৰ দলৰ মাজত ৷ লগতে কংগ্ৰেছ-ৰাইজৰ দলৰ পুলিং এজেন্ট নাথাকিব বুলিও ক'লে সুশান্ত বৰগোহাঁয়ে ৷
থাওৰাত বিজেপিৰ কোনো প্ৰতিদ্বন্দ্বী নাই : ৰাজ্যিক বিজেপিৰ সভাপতি
থাওৰাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সমষ্টিটোত বিজেপিৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা(Bhabesh Kalita)ই ৷ লগতে বিধায়ক অখিল গগৈ(Akhil Gogoi)ও তেওঁলোকৰ খেলৰ পৰা বহু দূৰত থকা বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷
ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল চিন্ময় শইকীয়া হত্যাকাণ্ডৰ ৮ অভিযুক্ত
চিন্ময় শইকীয়াৰ হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত আঠজন লোকক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । ইয়াৰে ৫ জন কিশোৰ । এতিয়াও পলাতক অৱস্থাত আছে কেইবাজনো অভিযুক্ত । দুৰ্গা পূজাৰ দশমীৰ নিশা ডিব্ৰুগড়ত চিন্ময় শইকীয়া নামৰ যুৱকজনক এদল উদণ্ড লোকে ৰাজপথতে নিৰ্মমভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ।