Jihadi in Assam: ৰাজ্যৰ চুকে-কোণে পোখা মেলিছে বাংলাদেশী জেহাদীয়ে
বৰ্তমানলৈকে বৰপেটাত আটকাধীন ১১ টা জেহাদীৰ ভিতৰত ৮ টাক গ্ৰেপ্তাৰ কৰা হৈছে (Jihadi arrested in Barpeta) ৷ বাকী ৩ টা সন্দেহযুক্ত জেহাদীক সোধপোছ অব্যাহত ৰখা হৈছে ৷ ৮ জেহাদীক বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৯ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ৷ বাংলাদেশৰ আনছাৰুলাহ বাংলা টীম আৰু AQIS সৈতে জড়িত আছে ধৃত ৮ জেহাদী (Bangladeshi Jihadi in Assam) ৷
Pension Sewa Kendra in Guwahati : ৰাজ্যৰ ২৭ খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি
গুৱাহাটীৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Assam CM inaugurates Pension Service Centre in Guwahati)। পেঞ্চনাৰসকলে নিজৰ নিজৰ জিলাত এই সেৱা কেন্দ্ৰৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰিব পাৰিব আৰু এই সেৱাৰ দ্বাৰা পেঞ্চন লাভৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা অধিক সৰলীকৃত হ'ব । কেন্দ্ৰৰ যোগেদি বেংকলৈ নোযোৱাকৈ জীৱন প্ৰমাণ পত্র দিব পৰা যাব । ২ অক্টোবৰৰ পৰা অসম সচিবালয় সম্পূৰ্ণৰূপে পেপাৰমুক্ত হৈ পৰিব । সকলো কাম অনলাইন ব্যৱস্থাৰে হ'ব ।
Vigilance Raid : খোৱাঙত ঘোচ লৈ হাতে লোটে ধৰা পৰিল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া
খোৱাঙত ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া (Khowang Block primary education officer caught taking bribe) । উল্লেখ্য, ইয়াকে লৈ আজি চৰকাৰী বিষয়াৰ ওপৰত দুৰ্নীতিৰ বিৰুদ্ধে লোৱা এইটো দ্বিতীয়টো ব্যৱস্থা ।
G20 summit 2022 : গুৱাহাটী মহানগৰী হ'ব পাৰে জি-২০ সন্মিলনৰ এটা স্থান
২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ৩০ নৱেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ আহ্বায়ক হৈছে ভাৰত (G20 summit in India)। দিল্লীৰ উপৰি এই সন্মিলনখন দেশৰ প্ৰায় ৪৫ খন নগৰ মহানগৰতো সমান্তৰালকৈ অনুষ্ঠিত হ’ব । গুৱাহাটীক এই সন্মিলনৰ এক অন্যতম স্থান কৰাৰ বাবে কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰক অনুৰোধ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।
Kritagyata Pension Centre: শিৱসাগৰত পেঞ্চন সেৱা কেন্দ্ৰ উদ্বোধন কৰিলে শিক্ষামন্ত্ৰীয়ে
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিৱসাগৰত উদ্বোধন কৰিলে কৃতজ্ঞতা পেঞ্চন কেন্দ্ৰ(Kritagyata pension centre)৷ চৰকাৰী সেৱাসমূহ বাধাহীনভাৱে লাভ কৰাৰ চেষ্টা কৰা বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ।