বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্কৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ
50 কোটি টকা ব্যয় সাপেক্ষে ডিমা হাচাও জিলাত নিৰ্মাণ হ'ব এখন বিশেষ বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক (Bamboo Industrials Park) ৷ সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ই ইয়াৰ আধাৰশিলা স্থাপন কৰে ৷
ISC পৰীক্ষাৰ শীৰ্ষ স্থানত উজ্বলিল অসমৰ ছাত্ৰী
ব’ৰ্ড অৱ ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট (ISC)ৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থান লাভ বিশ্বনাথৰ অস্মিতা কাকতি (Ashmita Kakati) ৰ ৷ কলা শাখা (Arts Stream) ত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে অস্মিতাই ৷
অসমৰ কাৰ্গিল বীৰ জিণ্টু গগৈ
দেশজুৰি পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱস ৷ এই কাৰ্গিল যুদ্ধত প্ৰাণ হেৰুৱাইছিল অসমৰ বীৰ যোদ্ধা জিণ্টু গগৈয়ে ৷ কাৰ্গিলৰ অন্যতম নায়ক জিণ্টু গগৈৰ জীৱনৰ এক অৱলোকন ৷
তিনিচুকীয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল
ৰাজ্যত দিনক-দিনে হ্ৰাস পাবলৈ ধৰিছে কেঁচা চাহপাতৰ মূল্য । অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যই সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সমান্তৰালভাৱে কেঁচা চাহপাতৰ হ্ৰাস পোৱা মূল্যই এতিয়া বিপাঙত পেলাইছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক । ইয়াৰে প্ৰতিবাদত সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ।
অপেক্ষা মাথো কেইটামান ঘন্টাৰ : লাভলীনা জয়ী হোৱাৰ আশাত অসম
মাজত মাথো কেইটামান ঘণ্টা বাকী ৷ সমগ্ৰ ভাৰত তথা অসমবাসীৰ আশীৰ্বাদেৰে অলিম্পিক বক্সিং ৰিঙত নামিব লাভলীনা বৰগোঁহাই । সম্পূৰ্ণৰূপে সাজু অসমৰ জীয়ৰী লাভলীনা বৰগোঁহাই ।