IIT Guwahati Suicide Case : IIT ৰ D-022 নং কোঠাত আত্মহত্যা অধ্যাপকৰ
IIT গুৱাহাটীত পুনৰ আত্মহত্যাৰ ঘটনা (IIT Guwahati Suicide Case) ৷ এইবাৰ আত্মহত্যা কৰিলে অধ্যাপকে ৷ শুকুৰবাৰে অধ্যাপক আৱাসৰ D-022 নং কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় অধ্যাপক ড৹ সমীৰ কামালৰ মৃতদেহ ৷
Demand of special package: যোৰহাটত অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকত বিশেষ পেকেজ ঘোষণাৰ দাবী
১৫ ডিচেম্বৰত যোৰহাটত জিলাত পোন প্ৰথম বাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক(Himanta Biswa Sharma Government Cabinet Meeting) । উক্ত বৈঠকৰ বাবে জিলাখনৰ যিসমূহ অৰ্ধনিমিত তথা বিধ্বস্ত পথ আছে সেইসমূহ পুনৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ(Cabinet meeting in Jorhat on December 15) । মাথো কোনো ত্ৰুটি নৰখাকৈ সৰ্বাংগ সুন্দৰ ৰূপত সজাই পৰাই তোলা হৈছে যোৰহাট নগৰখন ।
Government school of Assam: অসমৰ ৭৬৯১ খন বিদ্যালয়ত নাই পুথিভঁৰালৰ সুবিধা
কেন্দ্ৰৰ প্ৰতিবেদনত উন্মোচিত অসমৰ শিক্ষাখণ্ডৰ শোচনীয় অৱস্থা । বহু শিক্ষানুষ্ঠানত পুথিভঁৰাল আছে যদিও কিতাপৰ অভাৱ (Many schools in Assam do not have library facilities)। ডিজিটেল পুথিভঁৰালৰ ক্ষেত্ৰতো পিছপৰি আছে অসম । ৰাজ্যখনত মাত্ৰ ৩১৪ খন বিদ্যালয়ত ডিজিটেল পুথিভঁৰাল আছে । ইণ্টাৰনেট সংযোগ থকা বিদ্যালয়ৰ হাৰ হৈছে মাত্ৰ ৪.৮৩ শতাংশ । ৰাজ্যৰ ৫৭.৬২ শতাংশ বিদ্যালয়তহে আছে বিদ্যুৎ সংযোগ ।
Annual meeting between India and Russia: বাৰ্ষিক সন্মিলনৰ বাবে ৰাছিয়ালৈ নাযায় প্ৰধানমন্ত্ৰী !
ৰাছিয়াৰ সূত্ৰৰ মতে ভাৰতত অনুষ্ঠিত হ'বলগীয়া G-20 বৈঠকত উপস্থিত থাকিব ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন । কিন্তু এইবছৰ বাৰ্ষিক সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাছিয়া ভ্ৰমণ নকৰে (PM Modi will not go to Moscow for annual meeting)। সময়ৰ অভাৱৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাছিয়া ভ্ৰমণ নকৰে ।
Government changed in Himachal: 1 শতাংশ ভোটৰ বাবেই হিমাচলত সলনি হ’ল চৰকাৰ
হিমাচল প্ৰদেশত এক শতাংশতকৈও কম ভোটৰ ব্যৱধানত ক্ষমতা হেৰুৱালে বিজেপিয়ে । এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪৩% ভোট আৰু কংগ্ৰেছে ৪৩.৯০% ভোট লাভ কৰে(Vote percentage in Himachal) । সংখ্যাৰ ক্ষেত্ৰত এই পাৰ্থক্য ৩৮ হাজাৰতকৈও কম । কিন্তু ইয়াৰ বাবেই বিজেপিয়ে ১৫খন আসন হেৰুৱালে । হিমাচল প্ৰদেশৰ মুঠ ৬৮ খন আসনত কংগ্ৰেছে ৪০ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ২৫ খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৩ খন আসন লাভ কৰিছে । এই সন্দৰ্ভত পঢ়ক আমাৰ এক প্ৰতিবেদন...