Mission Basundhara 2: ভূমিপুত্ৰক মাটিৰ অধিকাৰী কৰাৰ বিশেষ পদক্ষেপ চৰকাৰৰ
মিছন বসুন্ধৰা-২ সফল কৰিবলৈ ৩২৯.১৯ কোটি টকা অনুমোদন । ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বসুন্ধৰা-২ কাৰ্যসূচীৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । বসুন্ধৰা-২ৰ অধীনত সমগ্ৰ অসমতে কম্পোজিট লেণ্ড ট্ৰেন্সফাৰ সেৱা (অটো-মিউটেচন), অনলাইন যোগে খাজানা আদায়, ডিজিটেল ষ্টাম্পিং আদি সময় নিৰ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰা হ’ব । চৰকাৰী খাচ ভূমি, চিলিং উদ্ধৃত মাটিৰ নিষ্পত্তি হ’ব মিছন বসুন্ধৰা-২ৰ দ্বাৰা । দখলকাৰী ৰায়তেও লাভ কৰিব ভূমিৰ অধিকাৰ ।
Asian Boxing Championships 2022: শিৱ থাপা আৰু লাভলীনাৰ জয় যাত্ৰা অব্যাহত
৬ বাৰৰ এছিয়ান মেডেলিষ্ট অসমৰ শিৱ থাপা আৰু অলিম্পিক বিজয়ী লাভলীনা বৰগোঁহাই ফাইনেলত প্ৰৱেশ কৰিছে (Shiva and Lovlina in Asian Boxing Championship)। শুকুৰবাৰে মহিলা শাখাৰ ফাইনেল আৰু শনিবাৰে পুৰুষ শাখাৰ ফাইনেল অনুষ্ঠিত হ'ব । লাভলীনাসহ ৫ গৰাকী ভাৰতীয় মহিলা বক্সাৰ ফাইনেলত অৱতীৰ্ণ হ'ব ।
Local Holiday for Raas Mahotsav: ৰাস মহোৎসৱ উপলক্ষে নলবাৰীত স্থানীয় বন্ধ ঘোষণা
ৰাজ্যজুৰি ৰাসৰ উখল মাখল পৰিৱেশ ৷ ৰাস মহোৎসৱ উপলক্ষে 18 নৱেম্বৰত স্থানীয় বন্ধৰ ঘোষণা কৰিছে নলবাৰী জিলা প্ৰশাসনে (Local Holiday in Nalbari for Raas Mahotsav) ৷
Hackers arrested in Rangia: ৰঙিয়াত আৰক্ষীৰ জালত দুই হেকাৰ
ৰঙিয়া মহকুমা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই হেকাৰক(Two hackers arrested by rangia police) । ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট হেক কৰা ঘটনাৰ লগত জড়িত এটা বৃহৎ চক্ৰৰ সদস্য দুয়ো ৷ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ অভিযোগৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হেকাৰ দুটাক ।
Dilip Saikia react on AAP: আপৰ উত্থানক লৈ শংকিত নহয় বিজেপি
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ উপৰিও অসমতো আম আদমি পাৰ্টীয়ে দলটোৰ ভেঁটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে । যোৱা পৌৰ সভা নিৰ্বাচনত আপ দলটোৱে অসমত কেইবাখনো আসন লাভ কৰিছে । দলটোৰ এই উত্থানক লৈ ইতিমধ্যে কংগ্ৰেছকে ধৰি বিভিন্ন দল চিন্তিত হৈ পৰিছে । কিন্তু আপৰ উত্থানক লৈ অলপো শংকিত নহয় বিজেপি (BJP is not at all afraid of AAPs rise)। এই মন্তব্য মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ ।