NATIONAL HERALD CASE: ইডিৰ চমনৰ বিৰুদ্ধে ২১ জুলাইত কংগ্ৰেছৰ দেশজুৰি প্ৰতিবাদ
অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ বৈঠকত ইডিৰ বিৰুদ্ধে ২১ জুলাইত দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত । কাৰণ ইডিয়ে যিদিনা কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীক নেচনেল হেৰাল্ড গোচৰত সোধ-পোচৰ বাবে উপস্থিত হোৱাৰ নিৰ্দেশ দিছে (National Herald case)।
Cheating in the name of marriage: বিবাহ বিচ্ছেদৰ ভুৱা নথিৰে ৭ গৰাকী মহিলাক বিয়া পাতিলে শিৱশংকৰে
হায়দৰাবাদৰ এটা প্ৰৱঞ্চকৰ কাহিনী । দ্বিতীয় বিবাহে লটি-ঘটি খুৱালে একাংশ মহিলাক । ভুৱা বিবাহ বিচ্চেদৰ নথিৰে কেইবাগৰাকী মহিলাক বিয়া পাতিলে প্ৰৱঞ্চকটোৱে (Man Married 7 women using fake divorce documents)। কেৱল এয়াই নহয় মহিলা কেইগৰাকীৰ পৰা লাখ লাখ টকা লৈ উধাও প্ৰৱঞ্চকটো ।
Tragic incident in Jonai: গা ধুৱলৈ গৈ সলিল সমাধি ঘটিল এটি শিশুৰ
জোনাইত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ জোনাইত গা ধুৱলৈ গৈ সলিল সমাধি ঘটিল এটি শিশুৰ (Children died in water while bathing in Chika River) । মৃত শিশুটিৰ নাম মুকেশ পায়েঙ ৷
Dalai Lama left Dharamshala: এদিনীয়া ভ্ৰমণসূচীৰে জম্মুলৈ ৰাওনা তিব্বতীয় ধৰ্মগুৰু দালাই লামা
৬ জুলাইত সমগ্ৰ বিশ্বৰ তিব্বতীসকলে চতুৰ্দশ দালাই লামাৰ ৮৭ সংখ্যক জন্মদিন উদযাপন কৰিছিল (87th birthday of Dalai Lama)। হিমাচল প্ৰদেশৰ ধৰ্মশালাত দালাই লামাৰ জন্মদিনৰ আয়োজন কৰা হৈছিল । ইয়াৰ পাছতে বৃহস্পতিবাৰে এদিনীয়া কাৰ্যসূচীৰে ধৰ্মগুৰুগৰাকী জম্মু অভিমুখে ৰাওনা হয় ।
Vineet Bagaria Suicide Case: ন্যায় বিচাৰি চিলাপথাৰত প্ৰতিবাদ
পশুপ্ৰেমী বিনীত বাগাৰীয়াই (Animal activist Vineet Bagaria) আত্মহত্যা কৰা ঘটনাৰ ন্যায় বিচাৰি ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ বৃহস্পতিবাৰে চিলাপথাৰ নগৰৰ ৰাজপথলৈ ওলাই আহিল শ শ লোক ৷ বিনীত বাগাড়ীয়া আত্মহত্যাৰ ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰে আটক কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবীৰে সন্ধিয়া চিলাপথাৰ নগৰত হাতে হাতে একোডালকৈ মমবাতি লৈ পদযাত্ৰাৰে এক মৌন সমদল বাহিৰ কৰে (Candlelight march over Vineet Bagaria death in Jonai) ৷