Pengeri Attack: পেঙেৰীৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ
পেঙেৰীকাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা (স্বাধীন) ৰ(ULFA I take responsibility for Pengeri Attack)৷ আগন্তুক 24 নৱেম্বৰৰ প্ৰতিবাদ দিৱসৰ লগত সংগতি এই আক্ৰমণক "অপাৰেশ্যন লক্ষীপথাৰ" আখ্যা দিয়ে বিদ্ৰোহী সংগঠনটোৱে (ULFA operation Lakhipathar)৷
Rock quarry collapsed in Mizoram: মিজোৰামত শিলৰ পাহাৰ খহি পোত যোৱা 10 শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ
মিজোৰামত এখন পাহাৰত থকা শিলৰ কুঁৱেৰী খহি পৰাৰ পিছত কমেও ১০জন শ্ৰমিকৰ মৃত্যু ঘটিছে ৷ আন ৫জন শ্ৰমিক পোত খাই থকাটো নিশ্চিত কৰা হৈছে ৷ ৰাজ্যখনৰ হানহথিয়াল জিলাৰ মৌদাৰহস্থিত এটা ব্যক্তিগত কোম্পানীয়ে ন্যুনতম সাৱধানতা অৱলম্বন নকৰাকৈয়ে চলাই আহিছিল এটা শিলৰ কুঁৱেৰী (Rock quarry without precautions in Mizoram) ৷
Assam Bandh: বন্ধৰ সমৰ্থনত মৰাণৰ ৰাজপথত টায়াৰ জ্বলিয়েই আছে
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে মঙলবাৰে ৰাজ্যজুৰি ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই (Demanding scheduling of six communities) ৷ উজনি অসমত এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে (12 hour Assam bandh) ৷ উজনি অসমৰ বহুকেইটা স্থানত বন্ধৰ বাবে জনজীৱন ব্যাহত হৈ পৰিছে ৷ ডিব্ৰুগড় জিলাৰ মৰাণতো বন্ধৰ প্ৰভাৱ পৰা দেখা গৈছে । চহৰখনত যথেষ্ট সংখ্যক আৰক্ষী, চিআৰপিএফ বাহিনী মোতায়েন কৰা হৈছে । অৱশ্যে তাৰ মাজতে ঠায়ে ঠায়ে ৰাজপথত টায়াৰ জ্বলোৱাও দেখা গৈছে । বন্ধৰ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে । আনহাতে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে আগন্তুক দিনত ভয়াৱহ আন্দোলন কৰাৰো হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে ।
Assam Bandh: শিৱসাগৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত শিৱসাগৰত বন্ধৰ প্ৰভাৱ পৰিছে ৷ ৰাজ্যত দীৰ্ঘদিন ধৰি ছয় জনগোষ্ঠীক জনজাতিকণৰ প্ৰসংগক লৈ তুমূল বিতৰ্ক অব্যাহত থাকোতেই মঙলবাৰে ৰাজ্যজুৰি 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই (Demanding scheduling of six communities)৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে বন্ধক বেআইনী বুলি এক নিৰ্দেশনা জাৰি কৰাৰ পিছতো উজনি অসমত এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে (12 hour Assam bandh)৷ সম্প্ৰতি উজনি অসমৰ বহুকেইখন ঠাইত বন্ধৰ বাবে জনজীৱন ব্যাহত হৈছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত শিৱসাগৰত বন্ধৰ প্ৰভাৱ পৰিছে ৷
Science and Arts Exhibition: মৰাণৰ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত বিজ্ঞান আৰু কলা প্ৰদৰ্শনী
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শিশু দিৱস(Children Day 2022) । ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈৰ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত শিশু দিৱসৰ সৈতে সংগতি ৰাখি দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বিজ্ঞান আৰু কলা প্ৰদৰ্শনী অনুষ্ঠান(Science and Arts Exhibition) । বিদ্যালয়খনৰ প্ৰাংগণত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লোক সংস্কৃতিৰ সাধক ড° অনিল শইকীয়া ।