Presidential Polls 2022: সন্মুখ সমৰত দ্ৰৌপদী মুৰ্মু আৰু যশোৱন্ত সিনহা
আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মহাযুঁজ ৷ এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জ্যেষ্ঠ ৰাজনীতিবিদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহাৰ মাজত ভোটযুদ্ধ ৷
Rehabilitation of Brus : অহা আগষ্ট মাহৰ ভিতৰত ব্ৰু শৰণাৰ্থীসকলক পুনৰ সংস্থাপনৰ সমাপ্তৰ নিৰ্দেশনা
কেইবাদশক ধৰি শৰণাৰ্থী শিবিৰত থকা ত্ৰিপুৰাৰ ব্ৰু জনগোষ্ঠীয় লোকসকলৰ পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া অহা আগষ্ট মাহৰ ভিতৰতেই সমাপ্ত কৰিবলৈ নিৰ্দেশনা ত্ৰিপুৰা চৰকাৰৰ (Rehabilitation of Brus in Tripura)৷ কেইবাদশক ধৰি শৰণাৰ্থী শিবিৰত থকা ত্ৰিপুৰাৰ ব্ৰু জনগোষ্ঠীৰ লোকসকলক ইতিমধ্যে স্থায়ী বাসস্থানলৈ স্থানান্তৰ কৰিছে ত্ৰিপুৰা চৰকাৰে ।
Tourists Stuck In Nagabali River: ছেলফী উঠিবলৈ নদীৰ প্ৰখৰ সোঁতৰ মাজত আৱদ্ধ দুজন
ওড়িশাত ভয়ংকৰ ঘটনা ৷ ছেলফী তুলিবলৈ গৈ নদীৰ প্ৰখৰ সোঁতৰ মাজত আৱদ্ধ হ'ল দুজন লোক (Two youth Stuck In Nagabali River)৷ দেওবাৰে ওড়িশাৰ ৰায়গড়া জিলাৰ নাগাৱলী নদীত সংঘটিত হয় এই ঘটনাটো (Nagabali River) ৷ বিগত কেইবাদিনো ধৰি ৰাজ্যখনত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত নদীখনৰ জলস্তৰ বৃদ্ধি হয় ৷ ফলত নদীৰ প্ৰবাল সোঁতৰ মাজত যেনে-তেনে এটা শিলত বগাই কথমপি প্ৰাণ ৰক্ষা কৰে দুয়োজন লোকে ৷ যুৱক দুজন জিলাখনৰ কাশীপুৰ খণ্ডৰ পোদাপাডি অঞ্চলৰ সুনামী নায়ক আৰু সুধীৰ নায়ক বুলি জানিব পৰা গৈছে ৷
Pilgrims return from Mecca: মহিলাসহ উত্তৰ-পূৱৰ ছগৰাকী হজযাত্ৰীৰ মৃত্যু
মক্কাৰ পৰা হজযাত্ৰীৰ ওভতনি যাত্ৰা আৰম্ভ (Return journey of pilgrims from Mecca has started) ৷ হজযাত্ৰা 5 জুনৰ পৰা 17 জুনলৈ চলিছিল ৷ যাত্ৰা আৰম্ভ কৰাৰ দৰে হজযাত্ৰী সকলৰ ওভতনি যাত্ৰা 16 জুলাইৰ পৰা আৰম্ভ হৈছে ৷ এই যাত্ৰাত মহিলাসহ উত্তৰ-পূৱৰ ছগৰাকী হজযাত্ৰীৰ মৃত্যু হৈছে (Six North Eastern pilgrims died in Mecca)৷
Central established Day of TYPA: আমগুৰিত টাইপাৰ ২৭ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন
আমগুৰিত টাই আহোম যুৱ পৰিষদৰ ২৭ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন (Tai Ahom Yuva Parishad established day) ৷ প্ৰতিষ্ঠা দিৱসত বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সাংবাদিক সমীৰণ দুৱৰাৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ 'ৰণখাম' উন্মোচন কৰে শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ কমলজ্যোতি গগৈয়ে । মুকলি সভাতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ২০০ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনায় ।