GOC-in-c on India China Face off: ভাৰতীয় সেনাৰ হাতত সুৰক্ষিত হৈ আছে দেশৰ সীমান্ত: ৰাণা প্ৰতাপ কলিতা
ভাৰত-চীন সীমান্তত অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত ৮ টা সংবেদনশীল এলেকা(Sensitive Zone) আছে, য’ত বিভিন্ন ঠাইত চীন আৰু ভাৰতৰ তৰফৰ পৰা তীক্ষ্ণ দৃষ্টি ৰখা হয় । ইয়াৰ ভিতৰৰ এটা বিশেষ স্থান হ’ল, য’ত ৯ ডিচেম্বৰত ভাৰত-চীন সেনাৰ(India-China dispute) মাজত সংঘৰ্ষৰ সূত্ৰপাত হ’ল ৷ যাৰ ফলত দুয়োপক্ষৰ সেনা সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয় ৷ এই কথা সদৰি কৰিছে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ৷
Golden Jubilee of Narengi High School: নাৰেঙ্গী উচ্চ বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ উদযাপন
দুদিনীয়া কাৰ্যসূচীৰে নাৰেঙ্গী উচ্চ বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে সোণালী জয়ন্তী সমাৰোহ(Golden Jubilee celebrations at Narengi High School) । নাৰেঙ্গী উচ্চ বিদ্যালয় সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতি আৰু প্ৰাক্তন শিক্ষাৰ্থী মঞ্চৰ উদ্যোগত শনিবাৰৰ পৰা আৰম্ভ হৈছে এই কাৰ্যসূচী ।
Manohari Gold tea: চাহ নিলামত পুনৰ অভিলেখ অসমৰ মনোহাৰী চাহৰ
পুনৰ ৰেকৰ্ড সংখ্যক মূল্যত চাহপাত বিক্ৰী কৰিলে মনোহাৰী চাহ বাগিচাই (Manohari Gold tea new records) । প্ৰতিকেজি চাহৰ দাম হ'লগৈ ১,১৫,০০০ টকা । ক্ৰয় হায়দৰাবাদৰ নিলুফাৰ কেফেৰ ।
Barpeta Marriage Controversy: বৰপেটাৰ বিয়াখনক লৈ সৰৱ চৰ্চা, আত্মপক্ষ সমৰ্থন দুয়োটা পক্ষৰ
‘‘আমি ধনী ঘৰৰ মানুহ নহয়, বহু কষ্ট কৰি বিয়াখন পাতিছিলোঁ, তেওঁলোকে কইনাই কাপোৰযোৰ বেয়া পিন্ধিছে বুলি কৈছিল, গহনাও তেওঁলোকে বিচৰামতে নাছিল, তাৰ পিছতহে জোৰোণৰ বস্তুক লৈ কথাৰ কটাকটি হৈছিল দুয়োৰে মাজত ৷’’ বৰপেটাৰ বিয়াক লৈ অব্যাহত অভিযোগ প্ৰতি-অভিযোগ ৷
Lekhika samaroh award 2022: কণ্ঠশিল্পী অনিমা চৌধুৰীক মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা
গোলাঘাট জিলাৰ তেলগৰম ৰঙ্গমঞ্চত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে শিল্পী আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা প্ৰদান কৰে প্ৰবীণ কণ্ঠশিল্পী ড৹ অনিমা চৌধুৰীক(Lekhika samaroh felicitated Anima Choudhury) । শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিখন জিলাৰ লেখিকা সমাৰোহ সমিতিৰ পাঁচ শতাধিক প্ৰতিনিধি তথা বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সমিতিৰ 2022 বৰ্ষৰ ৰাজ্যিক বঁটা বৰেণ্য শিল্পী ড৹ অনিমা চৌধুৰীক প্ৰদান কৰা হয়(Lekhika samaroh award 2022) ।