অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Aug 14, 2022, 11:11 AM IST

আলফা স্বাধীনৰ সৈতে সম্পৰ্ক ৰখাৰ সন্দেহত ডিমৌত এজনক আটক

স্বাধীনতা দিৱস উদযাপনলৈ মাত্ৰ কেইঠামান ক্ষণ বাকী থকা মূহুৰ্ততে ডিমৌত চাঞ্চল্য ৷ আলফাৰ লিংক মেনৰ সন্দেহত এজনক আটক আৰক্ষীৰ (Suspected ULFA I linkman detained at Dimow) ৷

দেশপ্ৰেমৰ এক অনন্য নিদৰ্শন দেখুৱালে মৈৰাবাৰীবাসীয়ে

দেশপ্ৰেমৰ এক অনন্য নিদৰ্শন দেখুৱালে মৈৰাবাৰীবাসীয়ে। শ্ৰমিক, কৃষকৰ পৰা ভীক্ষাৰীলৈকে সকলোৱে হাতে হাতে ত্ৰিৰংগা পতাকা লৈ দেখুৱালে দেশপ্ৰেম। স্বতঃস্ফূৰ্তভাৱে আজাদী কি অমৃত মহোৎসৱ উদযাপন মৈৰাবাৰীবাসীৰ (Azadi Ka Amrit Mahotsav)।

হোজাইত আৰক্ষীৰ পেৰেডৰ অনুশীলন সম্পূর্ণ

হোজাইত স্বাধীনতা দিৱসৰ পেৰেডৰ অনুশীলন সম্পূর্ণ আৰক্ষী প্ৰশাসনৰ (Independence Day parade in Hojai) ।

অস্কাৰৰ অফিচিয়েল পেজত নাম অন্তৰ্ভূক্ত হ’ল লাল সিং চাড্ডাৰ

আমীৰ খানৰ শেহতীয়া মুক্তিপ্ৰাপ্ত লাল সিং চাড্ডাই স্থান লাভ কৰিছে দ্য একাডেমীৰ অফিচিয়েল পেজত । শনিবাৰে দ্য একাডেমীৰ অফিচিয়েল হেণ্ডেলসমূহে ফৰেষ্ট গাম্প আৰু লাল সিং চাড্ডাৰ এটা ভিডিঅ’ কলাজ শ্বেয়াৰ কৰে । ইয়াৰ পিছতে নেটিজেনসকলে আমীৰ অভিনীত ছবিখনৰ বাবে দ্য একাডেমীয়ে জনসংযোগ এজেন্সীৰ দৰে কাম কৰিছে বুলি সমালোচনা কৰিছে ।

গো মাতাৰ আক্ৰমণত গুৰুতৰভাৱে আহত গুজৰাটৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী নীতিন পেটেল

স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Amrit Mohotsav of freedom) প্ৰথম দিনটোতেই গো-মাতাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ’বলগীয়া হ’ল গুজৰাটৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নীতিন পেটেল (Cow attacked former Gujarat deputy CM ) ৷

GST লগোৱা চাউল, দৈ পালেই জনাবলৈ ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বিনামূলীয়া চাউল দেখিছো; কিন্তু জি এছ টি লগোৱা চাউল মই দেখা নাই (GST on rice)। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma on GST)। জি এছ টিৰ প্ৰসংগত শনিবাৰে জনতা ভৱনত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয় ।

সীমান্তত জীৱশ্ৰেষ্ঠই হাতীক হত্যা কৰি কাটি নিলে অংগ

অসম-মেঘালয় সীমান্তৰ ৰাণীত সংঘটিত হ’ল এক জঘণ্য ঘটনা ৷ দুৰ্বৃত্তই এজনী মাইকী হাতীক হত্যা কৰি কাটি লৈ গ’ল শুঁৰৰ লগতে ভিন্ন অংশৰ মাংস ৷ মৃত হাতীজনীৰ কাষত এটা থ্ৰি নট থ্ৰি বন্দুকৰ গুলীৰ খালি কাৰ্টিজো উদ্ধাৰ কৰে বন বিভাগে (Elephant killed at Rani)।

মৃত্যুৰে যুঁজিছে ছলমান ৰুশ্বডিয়ে, উদ্বিগ্ন বিশ্বৰ সাহিত্যজগত

শুকুৰবাৰে দৰ্শকৰ সন্মুখতে মঞ্চত দুৰ্বৃত্তই আক্ৰমণ কৰে ছলমান ৰুশ্বডিক । নিউয়ৰ্কত এক অনুষ্ঠানৰ মাজতে সংঘটিত হয় এই ঘটনা (Salman Rushdie attack in New York)। সাহিত্যিকগৰাকীৰ ছুৰীৰে আক্ৰমণ কৰা লোকজনক আটক । সম্প্ৰতি সংকটজনক অৱস্থাত আছে বুকাৰ বঁটা বিজয়ী ৰুশ্বডি ।

2022 বৰ্ষৰ সাংবাদিক পেঞ্চন ঘোষণা ৰাজ্য চৰকাৰৰ

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ জৰিয়তে প্ৰদান কৰিবলগীয়া সাংবাদিকসকলৰ পেঞ্চনৰ প্ৰক্ৰিয়া 2022 চনৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হ’ব (State government announces journalist pension for 2022) ৷ শনিবাৰে এই পেঞ্চন লাভ কৰিবলগীয়া 20 গৰাকীকৈ সাংবাদিকৰ নাম ঘোষণা কৰে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে ৷

মৰেল পুলিচৰ আক্ৰমণত আঘাতপ্ৰাপ্ত মেৰাপানীৰ ষাঠি উৰ্ধৰ বৃদ্ধ

মেৰাপানীত সংঘটিত হৈছে অমানবীয় ঘটনা । মৰেল পুলিচৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হ’ল মেৰাপানীৰ এজন ষাঠিৰ উৰ্ধৰ বৃদ্ধ (Moral policing at Merapani)।

ABOUT THE AUTHOR

...view details