অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ বাতৰি... - TOP 10 AT 11 AM

11 বজাৰ শীৰ্ষ বাতৰি...

11 বজাৰ শীৰ্ষ বাতৰি
11 বজাৰ শীৰ্ষ বাতৰি

By

Published : Oct 6, 2021, 11:02 AM IST

তেজপুৰত মহালয়াৰ ব্যাপক আয়োজন

আজি মহালয়া(Mahalaya) ৷ ধৰাৰ বুকুলৈ মা দুর্গা(Durga)ৰ আগমণ ঘাৰ লগে লগে দেশজুৰি বিৰাজ কৰিছে আনন্দ-উল্লাহ । মহালয়া উপলক্ষে তেজপুৰতো আনাৰস বাগান সাৰ্বজনীন দুৰ্গা পূজা(Durga Puja) কমিটীয়ে আয়োজন কৰিছে নৃত্য-গীতৰ । শিল্পী সোণালী সৰকাৰৰ নেতৃত্বত আয়োজন কৰা হৈছে দুৰ্গাৰ আৰাধনা ।

থাওৰাত কংগ্ৰেছক দুৰ্বল কৰিবলৈ বিজেপিয়ে অপপ্ৰচাৰ চলাইছে : মনোৰঞ্জন কোঁৱৰ

উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই তৎপৰ হৈ পৰিছে ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দল ৷ বহু জল্পনা কল্পনাৰ অন্তত মঙলবাৰে ঘোষণা কৰা হয় থাওৰা সমষ্টিত কংগ্ৰেছ দলৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী । মনোৰঞ্জন কোঁৱৰক থাওৰাত কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পিচতে থাওৰাত কংগ্ৰেছৰ টিকটকেন্দ্ৰিক সংঘাতৰ অৱসান ঘটিল ।

ঐতিহাসিক শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি

বজালী জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়(Parihareswar Devalaya)ত পূৰ্বৰ পৰম্পৰা অনুসৰি এইবেলিও উদযাপন কৰা হ’ব দুৰ্গা পূজা(Durga Puja) । 16 শতিকাৰ পৰাই ৰাণী ফুলেশ্বৰীয়ে এই স্থানত আৰম্ভ কৰা দুৰ্গা পূজা এই বৰ্ষত 9 দিনীয়াকৈ উদযাপন কৰা হ’ব । সম্পূৰ্ণ ক’ভিড(Covid) বিধি মানি এই দেৱালয়ত উদযাপন কৰিবলগীয়া দুৰ্গা পূজাখনত সপ্তমী আৰু নৱমীৰ দিনাখন বলি বিধান প্ৰথাৰে দেৱীক আৰাধনা কৰা হ’ব । ৰাণী ফুলেশ্বৰীয়ে দান কৰা দুর্গাৰ মূৰ্তি দেৱালখনত আজিও বিদ্যমান ।

প্ৰিয়ংকা গান্ধীক মুক্তিৰ দাবী: ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ

উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী(Priyanka Gandhi)ক মুক্তিৰ দাবীৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰদেশ কংগ্ৰেছ(Pradesh Congress)ৰ প্ৰতিবাদ ৷

গোলাঘাট ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ দুই যুৱক

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান কঠোৰ হ’লেও সুৰুঙাৰে প্ৰতিদিনে ৰাজ্যত চলিয়েই আছে মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় ৷ ইয়াৰ মাজতে মঙলবাৰে গোলাঘাটৰ মাজমজিয়াত ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় দুই যুৱক ৷ গোলাঘাট নগৰৰ মাজমজিয়াৰ বেজবৰুৱা উচ্চতম মাধ্যমিক বিদ্যালয়ৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰা হয় যুৱকদুজনক ৷ এখন স্কুটিত যুৱক দুজনে আনিছিল প্ৰায় 1.9 গ্ৰাম ব্ৰাউন চুগাৰ ৷ ধৃত যুৱক দুজন মনদ্বীপ ঘোষ আৰু সঞ্জীৱ দাস বুলি চিনাক্ত কৰা হৈছে ৷

বিকল্প অবিহনে উচ্ছেদ কৰা বন্ধ কৰক : অসম ৰাজ্যকি কৃষক সভা

প্ৰসংগ ছিপাঝাৰৰ গৰুখুঁটি কাণ্ড ৷ ছিপাঝাৰ গৰুখুঁটিৰ উচ্ছেদ অভিযানৰ পাচত কেনে আছে, ক’ত আছে উচ্ছেদিত লোকসকল ? কোনে খবৰ ৰাখিছে তেওঁলোকৰ ? ছিপাঝাৰ গৰুখুঁটিত সংঘটিত হোৱা উচ্ছেদ অভিযানৰ ন্যায়িক তদন্তৰ দাবী কৰি অসম ৰাজ্যকি কৃষক সভা আৰু অল ইণ্ডিয়া কিষান সভাৰ আহ্বান মৰ্মে মঙলবাৰে গুৱাহাটী প্ৰেছক্লাৱত আয়োজন কৰা হয় এখনি সংবাদমেলৰ ৷

ফ্ৰান্সৰ কেথলিক গীৰ্জাত যোৱা 7 দশকত যৌন উৎপীড়নৰ বলি ৩ হাজাৰৰো অধিক শিশু

পবিত্ৰ কেথলিক গীৰ্জাত প্ৰকৃততে কি চলে ? ফ্ৰান্সৰ কেথলিক গীৰ্জাত যোৱা ৭ দশকত কিমান শিশু যৌন উৎপীড়নৰ বলি হৈছে ? শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্যই বিশ্বত আলোড়নৰ সৃষ্টি কৰিছে ।

কৰিমগঞ্জত ওলমা দলং ছিগি কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী আহত

ওলমা দলং ছিগি আহত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী । এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ চেৰাগীবজাত । ঘটনা অনুসৰি চেৰাগী হাইস্কুলৰ শিক্ষাৰ্থী সকল ওলমা দলঙেৰে ঘৰ যাবলৈ লওতেই দলংখন ছিঙি পৰে । জানিব পৰা মতে, ঘটনাত কেইবাগৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

ভ্ৰাম্যমাণ থিয়েটাৰৰ দল সমূহক সহমতত উপনীত হোৱাৰ আহ্বান কেশৱ মহন্তৰ

নলবাৰীত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ সাংগঠিনক সভাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰদৰ্শন , উপনিৰ্বাচন আদি কেইবাটাও বিষয়ত মন্তব্য কৰিলে মন্ত্ৰী গৰাকীয়ে ৷

ধোঁৱাচাঙত উঠিল নেকি কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ?

অৱশেষত থাওৰাত প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছে ৷ ধোৱাচাঙত উঠিল নেকি ৰাইজৰ দল-কংগ্ৰেছৰ প্ৰস্তাৱিত মিত্ৰতা ? সবিশেষ আমাৰ এই বিশেষ প্ৰতিবেদনত ৷

ABOUT THE AUTHOR

...view details