Strom in Teok: নিশা অহা এজাক ধুমুহাই তচনচ কৰিলে টীয়কৰ বহুকেইটা অঞ্চল
দেওবাৰে পুৱতি নিশা অহা এজাক ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিলে যোৰহাট জিলাৰ টীয়কৰ কাৱৈমাৰী অঞ্চলৰ লগতে দাঁতিকাষৰীয়া কেইবাটাও অঞ্চল (Storm devastated several areas of Teok overnight)।
Organisational meeting of AGP: দলৰ ভেটি মজবুত কৰাৰ লক্ষ্যৰে অসম গণ পৰিষদৰ তৎপৰতা
বৰপেটা জিলাৰ বহৰি ছোৱালী হাইস্কুলত দেওবাৰে অসম গণ পৰিষদৰ এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। চেঙা বিধান পৰিষদ সমিতিৰ উদ্যোগত চেঙা বিধানসভা সমষ্টি আৰু সৰুক্ষেত্ৰী বিধান সমষ্টিৰ দলীয় কৰ্মীসকলক লৈ অনুষ্ঠিত হয় এই বিশেষ সাংগঠনিক সভাখন (Organisational meeting with AGP party workers in Barpeta)।
Death of meritorious student: পুত্ৰৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি টিংখাঙৰ এটা পৰিয়ালৰ আৰ্তনাদ
এজন মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি হাহাকাৰ কৰিছে টিংখাঙৰ এটা দুৰ্ভগীয়া পৰিয়ালে । হোজাই মাৰকাজ একাডেমী ইংলিছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অধ্যয়নৰত টিংখাঙৰ দশম শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্য়ৰ(Death of meritorious student in Hojai)। দেওবাৰে এই পৰিয়ালটোৰ গৃহত উপস্থিত হৈ ন্যায় প্ৰদানৰ ক্ষেত্ৰত সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস মন্ত্ৰী বিমল বড়াৰ ।
Elephant stuck in mud: কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত বোকাত আবদ্ধ বন্যহস্তী
কলিয়াবৰৰ কেলিডেন চাহ বাগিচা চৌহদৰ বোকাত আবদ্ধ এটা বন্যহস্তী (Elephant stuck in mud) ৷ মাখুন্দী উত্তৰাঞ্চল শালনা বনাঞ্চলৰ অন্তৰ্গত টুঙীয়া পাহাৰৰ নামনিত হোলাত আবদ্ধ আনুমানিক ৪৫ বছৰীয়া এই হাতীটো ।
Diganta Kalita criticizes Congress: আগন্তুক লোকসভা নিৰ্বাচনত উঃপূঃৰ এজনো কংগ্ৰেছী সাংসদ জয়ী হ'ব নোৱাৰে !
২০২৪ চনত লোকসভা নিৰ্বাচনত উত্তৰ পূৰ্বাঞ্চলৰ পৰা এজনো কংগ্ৰেছ সাংসদ যাতে বিজয়ী হ'ব নোৱাৰে, তাৰ বাবে বিজেপি দল সংকল্পবদ্ধ বুলি উল্লেখ কৰিলে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই(MLA Diganta Kalita criticizes Congress)। দেওবাৰে কমলপুৰ সমষ্টিৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি বিধায়কগৰাকীয়ে কয় যে কংগ্ৰেছে এতিয়া দল বচাও অভিযানহে কৰিব লাগে ।