George Bordoloi suicide case : পৱন বৰঠাকুৰৰ নেতৃত্বত তিনিজনীয়া তদন্ত সমিতি গঠন
চৰ্চাত জৰ্জ বৰদলৈৰ আত্মহত্যাৰ প্ৰসংগ (George Bordoloi suicide case) ৷ জৰ্জ বৰদলৈৰ মৃত্যুক কেন্দ্ৰ কৰি ভূমি দখলৰ এটা বিষয়টো জড়িত হৈ পৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত এখন তিনিজনীয়া তদন্ত সমিতি গঠন কৰিছে ৷
Tripura bye election 2022 : মোতায়েন কৰা হ'ব পৰ্যাপ্ত নিৰাপত্তা বাহিনী
আহি থকা ত্ৰিপুৰাৰ উপ-নিৰ্বাচন সম্পৰ্কে ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল (Election Commission on Tripura bye election)। ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াই জনোৱা মতে পৰ্যাপ্ত কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হ'ব । ৪ টা সমষ্টিৰ মুঠ ১৩৯ টা স্থানত ২২১ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'ব এই উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ ।
ছয় কিলোমিটাৰ দৌৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্তক
বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণ আৰু অগ্নিসংযোগ(Batadrava Police Station Arson)ৰ ঘটনাৰ অন্যতম পৰিকল্পনাকাৰী আল্লাউদ্দিনক গ্ৰেপ্তাৰ ৷ দৰং জিলাৰ বেচিমাৰী আৰু দৈপামৰ মাজৰ সংখ্যালঘূ অধ্যুষিত এলেকাৰ গ্ৰেপ্তাৰ আল্লাউদ্দিন ৷ আল্লাউদ্দিনৰ বিৰুদ্ধে বটদ্ৰৱা থানাত আছিল ড্ৰাগছ সৰবৰাহ আৰু ডকাইতিৰ একাধিক গোচৰ ৷
কাৰৱাৰ নৌসেনা ঘাটিত ৰাজনাথ সিঙৰ যোগাসন
কৰ্ণাটকৰ নৌসেনা ঘাটিত জোৱানসকলৰ সৈতে যোগাসনত ব্যস্ত দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিং (Defense Minister does yoga with Navy personnel) । আন্তৰ্জাতিক দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে যোগ অধিৱেশনৰ । নৌসেনা জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে ৰাজনাথ সিঙে ।
অশান্ত জম্মু-কাশ্মীৰ: আৰক্ষীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰৰ দুই সন্ত্ৰাসবাদী
জম্মু কাশ্মীৰত পুনৰ আৰক্ষীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰৰ দুই সন্ত্ৰাসবাদী ৷ সন্ত্ৰাসবাদীৰ দুটাৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ উদ্ধাৰ কৰা হৈছে ৷ বৃহস্পতিবাৰে ৰাজ্যখনৰ কুপৱাৰাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছিল লস্কৰ-ই-তৈবাৰ তিনিটা সন্ত্ৰাসবাদী ৷