28 এপ্ৰিলত অসমত 7 খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
এক যুগান্তকাৰী পদক্ষেপৰ সাক্ষী হ’বলৈ গৈ আছে ডিব্ৰুগড়ৰ লগতে অসমবাসী ৷ 28 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিব্ৰুগড়ৰ পৰাই ৰাইজক সমৰ্পিত কৰিব নৱনিৰ্মিত কৰ্কট ৰোগৰ 7 খন চিকিৎসালয় (Modi to inaugurate seven cancer hospitals in Assam) । ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে নতুনকৈ নিৰ্মাণ হ'বলগীয়া 8 খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব ।
বিলাসীপাৰাত AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ
বিলাসীপাৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ(Congress protest at Bilasipara) । এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ(AIUDF supremo Badruddin Ajmal's effigy burnt) কংগ্ৰেছ কৰ্মীৰ ।
সাহিত্য সভা নিমাত; লংকা আঞ্চলিক সাহিত্য সভাই উভতি ধৰিলে চিৰাজউদ্দিন আজমলক
বিধায়ক চিৰাজউদ্দিন আজমলে অসমীয়া ভাষাক লৈ কৰা ইতিকিংসূচক মন্তব্যৰ বিৰোধিতা ৰাজ্যৰ দল-সংগঠনৰ ৷ বিতৰ্কিত বিধায়ক চিৰাজউদ্দিন আজমলৰ বিৰুদ্ধে এইবাৰ সৰব হ’ল লংকা আঞ্চলিক সাহিত্য সভা ৷ জিলা সাহিত্য সভাক বিধায়কগৰাকীৰ অসমীয়া ভাষা বিদ্বেষী মন্তব্য সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ ৷
অসম গোৰ্খা সন্মিলনৰ শোণিতপুৰৰ নৱ-নিৰ্বাচিত বিষয়ববীয়াৰ শপত গ্ৰহণ সম্পন্ন
দেওবাৰে সম্পন্ন অসম গোৰ্খা সন্মিলনৰ শোণিতপুৰৰ নৱ নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান(Oath taking ceremony of sonitpur gorkha sanmilan) ৷ বিহগুৰিত অৱস্থিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱনত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷
বদৰপুৰ ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ
বদৰপুৰ ৰে’ল ষ্টেচনত মাৰণাস্ত্ৰ জব্দ(Weapons recovered in Badarpur) ৷ ৰে’ল আৰক্ষীৰ তৎপৰতাত জব্দ হোৱা মাৰণাস্ত্ৰসমূহৰ ভিতৰত আছে চাৰিটা 7.65 পিষ্টল, 8 টা মেগজিন আৰু 15 জাঁই সজীৱ গুলি ৷ এই ঘটনা সন্দৰ্ভত আটক কৰা হৈছে দুজনকৈ লোক ৷