বাক্সা, ২ নৱেম্বৰ:৭০ সংখ্যক টিহু বাৰোৱাৰী ৰাস মহোৎসৱ সমিতিয়ে মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাস মহোৎসৱৰ কাৰ্যসূচী মুকলি কৰে (Press meet of Tihu Barowari Ras Samiti)। সমিতিৰ বিষয়ববীয়াসকলে সদৰি কৰা মতে, অহা ৭ নৱেম্বৰৰ পৰা ১১ দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব ।
কাৰ্যক্ৰমণিকা অনুসৰি অহা ৭ নৱেম্বৰৰ পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ কৰা হ'ব (Preparation of Tihu Barowari Ras) । ইপিনে,বিয়লি ৪ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ অৰূপ কুমাৰ শৰ্মাই (Chairman of Pollution Control Board)। আবেলি ৫ বজাত ৰাস মহোৎসৱ উদ্বোধন কৰিব কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjit Kumar Das)। ইয়াৰ পিছতে মণ্ডপত বন্তি প্ৰজ্বলন কৰিব অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে ।
আনহাতে, প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰিব কৃষি আৰু পশু পালন মন্ত্ৰী অতুল বৰাই । তদুপৰি বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰিব মোজামিল হ'কে । সন্ধিয়া ৬ বজাত টিহু বাৰোৱাৰী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি শংকৰ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত অংশগ্ৰহণ কৰিব ৰাজহ মন্ত্ৰী যোগেন মহন, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক পদ্ম হাজৰিকা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰাংহাং, বানী কলিতা আৰু আধ্যাত্মিক গীতা সত্ৰৰ আচাৰ্য মথুৰামোহন তালুকদাৰে । উক্ত সভাত ৰাস মহোৎসৱৰ মুখপত্ৰ 'মূৰুলী' উন্মোচন কৰিব ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড৹ বিনীতা বৰা চৌধুৰীয়ে (Bhattadeva University) । ইপিনে, নিশা পূজা-অৰ্চনাৰ লগতে বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব ।