বৰমা,6 মে' ঃ বাক্সাৰ মুছলপুৰত ধুমুহাৰ তাণ্ডৱ ৷ মঙলবাৰে অহা এজাক ধুমুহা বৰষুণে বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ কেইবাখনো গাঁৱত বিস্তৰ ক্ষতি সাধন কৰে ৷ ধুমুহাৰ ফলত কেইবাটাও পৰিয়ালৰ ঘৰৰ চালি উৰুৱাই নিয়াৰ লগতে ভাঙি পেলায় বহু গছ-গছনি ৷
ধুমুহাৰ বাবে বিস্তৰ ক্ষতিসাধন বাক্সাৰ মুছলপুৰত - thunderstorm hits bakhsa
মঙলবাৰে সন্ধিয়া অহা এজাক ধুমহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিলে বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ কেইবাখনো গাঁৱত ৷ কেইবাটাও পৰিয়ালৰ ঘৰৰ চালি উৰুৱাই নিয়াৰ লগতে উৰুৱাই নিলে বিদ্যালয় গৃহৰ টিনপাত ৷
ধুমুহাৰ বাবে বিস্তৰ ক্ষতিসাধন বাক্সাৰ মুছলপুৰত
ধুমুহাৰ বাবে বিস্তৰ ক্ষতিসাধন বাক্সাৰ মুছলপুৰত
কেৱল সেয়াই নহয় ধুমুহাজাকে মুৰকুছিয়াপাৰা হাইস্কুলখনৰো বিস্তৰ ক্ষতিসাধন কৰে ৷ ধুমুহাজাকে বিদ্যালয়খনৰ কাৰ্যালয়ৰ লগতে তিনিটা শ্ৰেণী কোঠাৰ টিনপাত উৰুৱাই লৈ যায় ৷ যাৰ ফলত বিদ্যালয়খনৰ কিতাপ পত্ৰ, আচবাব আদি নষ্ট হয় ৷ বিদ্যালয়খনৰ শিক্ষক সকলে শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক বিদ্যালয়খনৰ মেৰামতিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷