বাক্সা,২৯জুলাই: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা কাউলীত চোৰৰ সন্ত্ৰাসত অতীষ্ঠ হৈ পৰিছে অঞ্চলবাসী । আৰক্ষীৰ চকুত ধুলি দি চোৰে উদং কৰি গৈছিল বহু লোকৰ ঘৰ । চিলিণ্ডাৰ,চাইকেল,বেটাৰী,আদিকে ধৰি বিভিন্ন সামগ্ৰী চুৰি কৰি অঞ্চলটোত চোৰে চলাই গৈছিল সন্ত্ৰাস । অৱশেষত যোৱা ২৭ জুলাই সোমবাৰৰ নিশা কাউলীৰ স্থানীয় ৰাইজে বলৰাম ভদ্ৰ,শ্ৰীকান্ত সিংহ আৰু মাদল বিশ্বাস নামৰ তিনি চোৰক হাতে লোটে কৰিলে কৰায়ত্ত । অৱশ্যে চোৰৰ এই দলটোত থকা এটা চোৰ পলাই যাবলৈ সক্ষম হয় ।
কুমাৰীকাটাবাসীক অতীষ্ঠ কৰা তিনিটা চোৰ পৰিল আৰক্ষীৰ জালত - আটক
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত চোৰৰ সন্ত্ৰাস। চোৰৰ সন্ত্ৰাসত গৃহস্থই উজাগৰি নিশা পাৰ কৰিব লগা হৈছিল। অৱশেষত যোৱা সোমবাৰে স্থানীয় লোকে তিনিটাকৈ চোৰক কৰায়ত্ত কৰি গতাই দিলে কুমাৰীকাটা আৰক্ষীক ।
![কুমাৰীকাটাবাসীক অতীষ্ঠ কৰা তিনিটা চোৰ পৰিল আৰক্ষীৰ জালত Three Thief Arrested at kumarikata in baksa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8217015-632-8217015-1596016939336.jpg)
কুমাৰীকাটা বাসীক অতিস্থ কৰা তিনিটা চোৰ পৰিল আৰক্ষীৰ জালত
কুমাৰীকাটা বাসীক অতিস্থ কৰা তিনিটা চোৰ পৰিল আৰক্ষীৰ জালত
স্থানীয় ৰাইজে চোৰ কেইটাক কৰায়ত্ত কৰি কুমাৰীকাটা আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ঘটনাস্থলীৰ পৰা চোৰ তিনিটাক আটক কৰাৰ লগতে জেল হাজোতলৈ প্ৰেৰণ কৰে ।
লগতে চাওকঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ,বিকল শ্লুইছ গেট মুকলিৰ কাম আৰম্ভ