বাক্সা,27 ফেব্ৰুৱাৰীঃচৰকাৰী চিকিৎসালয়ত ৰোগ প্ৰতিষেধক টীকা দিয়াৰ ২৪ ঘন্টা পাৰ নহওঁতেই শিশুৰ মৃত্যুক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বাক্সাৰ মেৰকুছিত ৷ সমগ্ৰ ভাৰতবৰ্ষত সপ্তাহৰ প্ৰতিটো বুধবাৰে শিশুক ৰোগ প্ৰতিষেধক টীকাকৰণ দিয়া হয় ৷ অনুৰূপ ধৰণে যোৱা বুধবাৰে দিনৰ ভাগত মেৰকুছিৰ মনি বৰ্মনৰ ৩ মহীয়া শিশুটিক চৰকাৰী চিকিৎসা কেন্দ্ৰত দিছিল DPT নামৰ ৰোগ প্ৰতিষেধক টীকা ৷ সুস্থ শিশুটিক টীকা দিয়াৰ পাচতে আৰম্ভ হৈছিল জ্বৰ ৷ পুনৰ জ্বৰ হোৱা বুলি টীকাকৰণৰ দায়িত্বত থকা নাৰ্চ অনুপমা দাস আৰু সুৰমিলা এম দাসক পিতৃয়ে অৱগত কৰাত তেওঁলোকে শিশুটোক খুৱাবলৈ দিয়ে পেৰাচিতেমল দৰৱ ৷ তাৰ পাছতে দেৱ শিশুটোৱে টোপনি গৈ থাকে যদিও বুধবাৰে নিশা তিনিমহীয়া শিশুটোৱে মৃত্যুক সাৱটি লয় ৷ এই মৃত্যুক লৈ এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ চিকিৎসক-নাৰ্চৰ ভুলৰ কাৰনে শিশুটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰে পৰিয়ালৰ লোকে ৷ ইফালে চিকিৎসক কুমাৰেশ শৰ্মাই টীকাকৰণৰ বাবে শিশুটো মৃত্যু হোৱা নাই বুলি দাবী কৰিছে ।
বাক্সাত প্ৰতিষেধক টীকা দিয়াৰ পাচতে শিশুৰ মৃত্যু - বাক্সাৰ মেৰকুছিত শিশুৰ মৃত্যু
বাক্সাৰ মেৰকুছিত ৰোগ প্ৰতিষেধক টীকা দিয়াৰ ২৪ ঘন্টা পাৰ নহওঁতেই শিশুৰ মৃত্যু ৷ টীকাকৰণৰ পিছতে শিশুটিৰ মৃত্যু হোৱাক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি ৷
বাক্সাত প্ৰতিষেধক টিকা দিয়াৰ পাচতে শিশুৰ মৃত্যু