বাক্সা,30জুনঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত ই এন ডি চ‘কৰ তিনিজন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ । ইপিনে আক্ৰান্ত যুৱক কেইজন ক্ৰমে নিলোৎপল শইকীয়া(২৯),৩নং গোৰেশ্বৰৰ চাদ্দাম আলি( ২৫),বৰকুচলাৰ অমিত দাস (৩০) জানিব পৰা গৈছে ।
গোৰেশ্বৰত পুনৰ তিনিজনৰ দেহত কোভিড-19 পজিটিভ - গোৰেশ্বৰত
বাক্সাৰ গোৰেশ্বৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ‘ণা পজিটিভ ৰোগীৰ সংখ্যা ৷ আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷
গোৰেশ্বৰত পুনৰ তিনিজনৰ দেহত কোভিড-19 পজিটিভ
ইপিনে কিছু দিন পূৰ্বে উক্ত তিনি যুৱক বহিঃৰাজ্যৰ পৰা আহি তামুলপুৰ কোৱাৰেন্টাইন কেন্দ্ৰৰপৰা আহি হম কোৱাৰেণ্টাইনত আছিল ৷ মঙলবাৰে তিনিজন যুৱকৰ দেহত কোভিড-19 পজিটিভ থকা বুলি চিকিৎসা বিভাগৰ পৰা জানিবলৈ দিয়ে । আনহাতে দিনক দিনে কৰ‘ণা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাত আতংকিত হৈ পৰিছে সমগ্ৰ গোৰেশ্বৰবাসী ৷ লগতে গণ সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰি চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷
লগতে পঢ়কঃ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নাৰ্চ কৰ’ণাত আক্ৰান্ত