বাক্সা,24 জুন:কৰ’ণা মহামাৰীৰ আতংকময় পৰিৱেশৰ মাজতে অব্যাহত চোৰৰ অভিযান ৷ ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠানসমূহক লক্ষ্য হিচাপে বাচি লৈ ভিন্ন প্ৰান্তত চোৰে চলাই গৈছে চাফাই কাৰ্য ৷ বাক্সাৰ গোৰেশ্বৰত মঙলবাৰে নিশা উত্তৰ চেউনী গাঁৱৰ কলা গোঁসাই থান নামঘৰত চোৰে লুটপাত চলাই লৈ যায় বহু মূল্যৱান সম্পদ ৷
গোৰেশ্বৰৰ উত্তৰ চেউনী নামঘৰত চোৰৰ চাফাই অভিযান - গোৰেশ্বৰ থানা
বাক্সাত মঙলবাৰে নিশা চোৰে অভিযান চলাই লুটি নিয়ে নগদ ধনৰ লগতে বহু মূল্যৱান সম্পদ ৷ গোৰেশ্বৰৰ উত্তৰ চেউনী গাঁৱৰ কলা গোঁসাই থান নামঘৰত সংঘটিত হৈছে এই চুৰি কাৰ্য ৷ ঘটনা সন্দৰ্ভত নামঘৰ সমিতিয়ে গোৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰিছে ৷
চোৰৰ চাফাই অভিযান
ঘটনা সংক্ৰান্তত জানিব পৰা অনুসৰি,নামঘৰটোৰ খিৰিকী ভাঙি চোৰে দানপাত্ৰৰ পৰা নগদ ধনৰ লগতে সোণ-ৰূপৰ ভিন্ন সামগ্ৰী লুটি নিয়াৰ সমান্তৰালকৈ থাপনাৰ উপৰি বহু আচবাব লণ্ড-ভণ্ড কৰে ৷ ইয়াৰ পূৰ্বতেও চোৰে গাঁৱখনত কেইবাবাৰো নামঘৰ অথবা মন্দিৰত সংঘটিত কৰিছিল চুৰি কাণ্ড ৷ ঘটনা সম্পৰ্কে নামঘৰ সমিতিয়ে গোৰেশ্বৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷
লগতে চাওকঃজনিয়াৰ ৰামপুৰত বনৰজাৰ আতংক