বাক্সা 30 ডিচেম্বৰ :শীতৰ আগমণৰ লগে লগে বাক্সা জিলাত দেখিবলৈ পোৱা গৈছে প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য ৷ সম্পত্তি বৰমাৰ আলাগজাৰ গাঁৱত বিভিন্ন চৰাইৰ আগমণে সমগ্ৰ পৰিৱেশটোৰেই সৌন্দৰ্যবৰ্ধন কৰি আছে ৷
পৰিভ্ৰমী পক্ষীৰ কাকলিত জীপাল বাক্সাৰ আলাগজাৰ গাঁও - exotic birds of different species
বাক্সাৰ বৰমাৰ আলাগজাৰ গাঁৱত পৰিভ্ৰমী পক্ষীৰ আগমণে সমগ্ৰ পৰিৱেশটো জীপাল কৰি তুলিছে ৷ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰজাতিৰ বিদেশী চৰাইৰে ভৰি পৰিছে আলাগজাৰ গাঁৱত ৷

পৰিভ্ৰমী পক্ষীৰ কাকলিত জীপাল বাক্সাৰ আলাগজাৰ গাঁও
পৰিভ্ৰমী পক্ষীৰ কাকলিত জীপাল বাক্সাৰ আলাগজাৰ গাঁও
ৰাইজে এই পক্ষীবোৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কোনো দুষ্ট চক্ৰই যদি পক্ষী নিধন কৰে তেতিয়া হলে 500 টকাকৈ জৰিমনা ভৰিব লাগিব ৷ ৰাইজৰ এনে ব্যৱস্থাই প্ৰকৃতিপ্ৰেমী ৰাইজক পক্ষী নিধন হ্ৰাস কৰাত বহু পৰিমাণে উৎসাহ আগবঢ়াইছে ৷
লগতে পঢ়ক :নতুন বছৰতে অসম ৰাজ্যিক চিৰিয়াখানাত নতুন আলহী