অসম

assam

ETV Bharat / state

কৰ’ণা বিভীষিকা: পেটত গামোচা বান্ধিবলগীয়া হৈছে একাংশ কুমাৰে - pottery industry

ক'ভিড পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে জাৰী কৰা নিৰ্দেশনাৰ ফলত বিশেষভাৱে ক্ষতি হৈছে চেলুন, পদ পথৰ ব্যৱসায়ী, বাচন-বৰ্তন নিৰ্মাণ, লোহাৰ সামগ্ৰী নিৰ্মাণ আদিৰ সৈতে জড়িত লোক সকল ৷ একেই অৱস্থাৰ সন্মুখীন হৈছে মাটিৰ পাত্ৰ আদি নিৰ্মাণ কৰা কুমাৰ সকলো ৷ বাক্সাৰ শালবাৰীৰ ৰাজাবিল গাঁৱৰ মৃট শিল্পকাৰী সকলে বজাৰৰ অভাৱত নিজ হাতে তৈয়াৰ কৰা টেকেলী,খোলা,কলহ সমূহ বিকিব নোৱাৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে । এনে পৰিস্থিতিত কাল অমানিশা নামি আহিছে ৰাজ্যৰ মৃৎ শিল্পী সকলৰ জীৱনলৈ ৷

The potter of the state are financially affected
পেটত গামোচা বান্ধিবলগীয়া হৈছে এইসকল কুমাৰে

By

Published : May 30, 2021, 3:41 PM IST

বাক্সা, 30 মে': দেশজুৰি কৰ’ণাৰ বিভীষিকাত স্তব্ধ হৈ পৰিছে জন জীৱন ৷ অসমতো ক’ভিড নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে জাৰি কৰা সান্ধ্য আইনৰ ফলত এক প্ৰকাৰ অচল হৈ পৰিছে বেপাৰ-বাণিজ্য ৷ দিনৰ 11 বজালৈহে দোকান-পোহাৰ সমূহ খোলাৰ অনুমতি প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত সমস্যাৰ সন্মুখীন হৈছে ক্ৰেতা-বিক্ৰেতা সকলো ৷

আংশিক লক ডাউনে প্ৰভাৱ পেলাইছে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত ৷ বজাৰৰ অভাৱত পথাৰতে গেলিছে কৃষকে মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা ফচল ৷ ইয়াৰ লগতে চেলুন, পদ পথৰ ব্যৱসায়ী, বাচন-বৰ্তন নিৰ্মাণ, লোহাৰ সামগ্ৰী নিৰ্মাণ আদিৰ সৈতে জড়িত লোক সকলো ব্যাপক ৰূপে ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে ৷

পেটত গামোচা বান্ধিবলগীয়া হৈছে এইসকল কুমাৰে

একেই অৱস্থাৰ সন্মুখীন হৈছে মাটিৰ পাত্ৰ আদি নিৰ্মাণ কৰা কুমাৰ সকলো ৷ ক'ভিড পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে জাৰী কৰা নিৰ্দেশনাৰ ফলত বিশেষভাৱে ক্ষতি হৈছে এইসকল লোকৰ ৷ আংশিক লক ডাউনত ক্ষতিগ্ৰস্ত হৈছে কুমাৰ সকল বাক্সাৰ শালবাৰীৰ ৰাজাবিল গাঁৱৰ মৃৎ শিল্পকাৰী সকলে বজাৰৰ অভাৱত নিজ হাতে তৈয়াৰ কৰা টেকেলী,খোলা, কলহ সমূহ বিক্ৰী কৰিব নোৱাৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে । এনে পৰিস্থিতিত কাল অমানিশা নামি আহিছে ৰাজ্যৰ মৃৎ শিল্পী সকলৰ জীৱনলৈ ৷

বছৰ বছৰ ধৰি ৰাজাবিল গাওঁবাসীয়ে মাটিৰ বিভিন্ন বচন, বৰ্তন নিজ ঘৰতে নিৰ্মাণ কৰি শালবাৰী,বাঁহবাৰী,আনন্দ বজাৰ, শিমলা বজাৰ আদিত বিক্ৰী কৰি আহিছে ৷ বহু দিন ধৰি বজাৰ হাট নথকাৰ ফলত এই কুমাৰ সকলে পেটৰ ভাত মুঠি যোগাৰ কৰিবলৈও চিন্তাত পৰিছে ৷

খেতি বুলিবলৈ একোৱে নথকা এই সকল লোকৰ জীৱন আৰু জীৱিকাৰ উৎস মাথো মৃৎ শিল্প ৷ কিন্তু বৰ্তমান পৰিস্থিতিত দিক-বিদিক নোপোৱা অৱস্থা হোৱাত নৱগঠিত চৰকাৰলৈ সহায় বিচাৰি অনুৰোধ জনাইছে এই মৃৎ শিল্পীসকলে ।

লগতে পঢ়ক:১৫ আগষ্টৰ ভিতৰত অসমত ৩০ শতাংশ লোকৰ টীকাকৰণ হ'ব: মুখ্যমন্ত্রী

ABOUT THE AUTHOR

...view details