অসম

assam

ETV Bharat / state

শীঘ্ৰেই যৱনিকা পৰাৰ দিশত কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া সংগ্ৰাম - মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

কোচ ৰাজবংশী বিভিন্ন সংগঠন আৰু কোচ ৰাজবংশী জাতীয় মহাসভাই কোচ ৰাজবংশী লোকসকলক ঐক্যবদ্ধ কৰি পৃথক কমতাপুৰ আৰু জনজাতীয় মৰ্যদাৰ দাবীত দীৰ্ঘদিনীয়া সংগ্ৰাম চলাই আহিছে ৷ শেহতীয়াকৈ বিজেপি চৰকাৰে কোচ ৰাজবংশী সকলৰ দাবী পূৰণ কৰি তেওঁলোকৰ সংগ্ৰামৰ যৱনিকা পেলাবলৈ আগবাঢ়ি আহিছে ৷

The long struggle of the Koch Rajbongshi towards the end soon
শীঘ্ৰেই যৱনিকা পৰাৰ দিশত কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া সংগ্ৰাম

By

Published : Oct 11, 2020, 9:08 PM IST

বৰমা, ১১ অক্টোবৰঃকোচ ৰাজবংশী সকলৰ দীৰ্ঘদিনীয়া সংগ্ৰাম যৱনিকা পৰাৰ দিশত আগবাঢ়িছে ৷ শেহতীয়া ভাৱে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা মন্ত্ৰী গোটে কোচ ৰাজবংশী সংগঠনক দিয়া ইংগিতে উৎফুল্লিত কৰিছে এতিয়া কোচ ৰাজবংশী জাতীয় মহাসভাক ৷ বাক্সা জিলাৰ বৰমাত দেওবাৰে কোচ ৰাজবংশী জাতীয় মহাসভাৰ অধ্যক্ষ বিশ্বজিৎ ৰায়ে সংবাদমেল সম্বোধন কৰি কোচ ৰাজবংশী লোক সকলক জনজাতি মৰ্যদা আৰু পৃথক কমতাপুৰ দাবীক চৰকাৰে ইতিবাচক সঁহাৰি দিয়াৰ কথা সদৰি কৰে ৷

শীঘ্ৰেই যৱনিকা পৰাৰ দিশত কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া সংগ্ৰাম

সংবাদমেলত বিশ্বজিৎ ৰায়ে কয় যে, কোচ ৰাজবংশী বিভিন্ন সংগঠন আৰু কোচ ৰাজবংশী জাতীয় মহাসভাই কোচ ৰাজবংশী লোকসকলক ঐক্যবদ্ধ কৰি পৃথক কমতাপুৰ আৰু জনজাতীয় মৰ্যদাৰ দাবীত দীৰ্ঘদিনীয়া সংগ্ৰাম চলাই আহিছে ৷ শেহতীয়াকৈ বিজেপি চৰকাৰে কোচ ৰাজবংশী সকলৰ দাবী পূৰণ কৰি তেওঁলোকৰ সংগ্ৰামৰ যৱনিকা পেলাবলৈ আগবাঢ়ি আহিছে ৷ তদুপৰি মন্ত্ৰী গোটৰ অধ্যক্ষ ডঃ হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে কোচ ৰাজবংশী সংগঠন সমূহৰ লগত বৈঠকত মিলিত হৈ সমস্যাৰাজি সন্দৰ্ভত আলোচনা কৰাৰ কথা সদৰি কৰে মহাসভাই ৷

শীঘ্ৰেই যৱনিকা পৰাৰ দিশত কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া সংগ্ৰাম

ইপিনে,সংবাদমেলত মহাসভাই অভিযোগ কৰা অনুসৰি 1996 চনত কোচৰাজবংশী সকলক কোনো ধৰণৰ ম'ডেলিটি নকৰাকৈ জনজাতি মৰ্যদা প্ৰদান কৰাৰ ফলত উজনি অসমৰ একাংশ গগৈ , শইকীয়া আদি উপাধিৰ লোকে জনজাতিৰ প্ৰমানপত্ৰ লৈ মন্ত্ৰী - বিধায়কৰ উপৰিও আন আন সুবিধা গ্ৰহণ কৰি আহিছে ৷ যাৰ ফলত নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলা আৰু বি টি এ ডিৰ চাৰিখন জিলাৰ কোচ ৰাজবংশী লোক সকলে বঞ্চিত হোৱাৰ অভিযোগ কৰে বিশ্বজিৎ ৰায়ে ৷ সন্দেহজনক লোকে কোচ ৰাজবংশীৰ প্ৰমাণ পত্ৰ লৈ যাতে মন্ত্ৰী - বিধায়ক আৰু আন আন সুবিধা লব নোৱাৰে তাৰ এটা পৰিকল্পিত ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব বুলি বিশ্বাস কৰে মহাসভাই ৷ ইয়াৰ লগতে সমগ্ৰ অসমৰ কোচ ৰাজবংশী সকলক সম-মৰ্যদা প্ৰদান নকৰিলে নামনি অসমৰ কোচ ৰাজবংশী সকলে শৈক্ষিক ,সামাজিক ,অৰ্থনৈতিক আদি দিশত পিচপৰি ৰ'ব বুলি কয় অধ্যক্ষ বিশ্বজিৎ ৰায়ে ৷

ইপিনে, একাংশ জনজাতীয় সংগঠনে পশ্চিমবংগৰ দৰে কোচৰাজবংশী লোক সকলক অনুসূচীত জাতিৰ মৰ্যদা দিয়াৰ কথা কৈ আহিছে যদিও অসমৰ কোচৰাজবংশী সকলে অনুসূচীত জাতিৰ কাৰণে সংগ্ৰাম কৰা নাই বুলিও স্পষ্ট কৰি দিয়ে মহাসভাৰ অধ্যক্ষ ৰায়ে ৷ আনহাতে,কোচৰাজবংশী সকলৰ দৰে কলিতা ,মৰাণ, মটক ,নাথযোগী আদিকে ধৰি বহু জনগোষ্ঠীয়ে জনজাতি মৰ্যদা বিচাৰিছে যদিও তাত আপত্তি নাথাকিলেও জনজাতি মৰ্যদা প্ৰদান কৰিব গৈ কোচৰাজবংশী সকলক প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত কৰিলে মহাসভাই মানি নলয় বুলি সংবাদমেলত স্পষ্ট কৰি দিয়ে ৷

উল্লেখ্য যে,পূৰ্বৰ কংগ্ৰেছৰ দৰে বিজেপি চৰকাৰে বিধান সভা নিৰ্বাচনৰ পাচত জনজাতি মৰ্যদা প্ৰদান কৰাৰ কথা প্ৰকাশ কৰিলে কোচ ৰাজবংশী লোকসকলে বিজেপিৰ বিৰুদ্ধে ৰাইজক ভোটদান কৰাৰ কাৰণে আগবাঢ়িব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মহাসভাৰ অধ্যক্ষগৰাকীয়ে ৷

লগতে পঢ়কঃপঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

ABOUT THE AUTHOR

...view details