অসম

assam

ETV Bharat / state

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বি পি এফৰ পতন নিশ্চিত :  জগদীশ ৰামছিয়াৰী - বিটিএডি

বিটিএডিত হাগ্ৰামা মহিলাৰী চৰকাৰে ১৭ টা বছৰ ৰাজত্ব কৰি যি দুৰ্নীতি কৰিলে তাৰ বিচাৰ হ'ব লাগে আৰু নেতা-পালি নেতা সকলক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগেঃ জগদীশ ৰামছিয়াৰী

The fall of BPF is certain
হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বি পি এফৰ পতন নিশ্চিত

By

Published : Jun 15, 2020, 7:31 PM IST

বৰমা,15জুনঃ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বি পি এফৰ পতন নিশ্চিত ৷ এই মন্তব্য ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী জগদীশ ৰামছিয়াৰীৰ ৷ সোমাবাৰে সাংবাদিকৰ আগত প্ৰাৰ্থী গৰাকীয়ে বিটিএডিত হাগ্ৰামা মহিলাৰী চৰকাৰে ১৭ টা বছৰ ৰাজত্ব কৰি যি দুৰ্নীতি কৰিলে তাৰ বিচাৰ হ'ব লাগে আৰু নেতা পালি নেতা সকলক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী কৰে ৷ এই সন্দৰ্ভত ইতিমধ্যে ইউপিপিএল দলৰ তৰফৰ পৰা ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে জগদীশ ৰামছিয়াৰীয়ে ৷ বিটিএডিৰ ৰাইজে এতিয়া পৰিৱৰ্তন বিচৰা বুলি কৈ বিটিএডিত বিপিএফ, কংগ্ৰেছ, গণ সুৰক্ষা পাৰ্টি আৰু বিজেপি দলৰ আধিপত্য নাই বুলি কয় ইউপিপিএল দলৰ প্ৰাৰ্থীগৰাকীয়ে ৷ ইপিনে বিটিচি নিৰ্বাচন সন্দৰ্ভত প্ৰাৰ্থীগৰাকীয়ে চৰকাৰে যেতিয়াই নিৰ্বাচনৰ দিন ঘোষণা কৰে তেতিয়াই নিৰ্বাচন হ'ব বুলি মন্তব্য কৰে ৷

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বি পি এফৰ পতন নিশ্চিত

উল্লেখযোগ্য যে, কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতো বিটিএডিত বিভিন্ন দল-সংগঠনে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ৷

লগতে পঢ়কঃব্য়ক্তিগত নাৰ্ছিং হোমৰ ক্ষেত্ৰত কি নিয়ম উঠাই ল'লে দিল্লী চৰকাৰে ?

ABOUT THE AUTHOR

...view details