বাক্সা, ১৪ আগষ্ট: শুকুৰবাৰে বাক্সা(Baksa) জিলাত হাইস্কুল টেট(TET) উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় । বি টি আৰ(BTR)ৰ শিক্ষা বিভাগে বি টি আৰৰ বিভিন্ন বিদ্যালয়ত ৮৫১ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰৰ পৰা নিযুক্তি পত্ৰ বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ সেই অনুসৰি শুকুৰবাৰে বাক্সা জিলাত ৪২০ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ।
বাক্সাত ৪২০ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান বি টি আৰৰ শিক্ষা সঞ্চালক অমৰজ্যোতি বৰ্মনে জানিবলৈ দিয়া মতে, বি টি আৰত মুঠ ৮৫১ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব ৷ বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ২৪০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে ৷ শিক্ষা বিভাগে নিকাভাৱে টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা বুলিও মন্তব্য কৰে অমৰজ্যোতি বৰ্মনে ৷
বৰমা মহাবিদ্যালয় পেক্ষাগৃহত অনুষ্ঠিত হোৱা এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে বি টি আৰ অৰ ই এম ঘনস্যাম দাস আৰু ৰাকেশ ব্ৰহ্ম ৷ লগতে উপস্থিত থাকে বাক্সা জিলা স্কুল পৰিদৰ্শক ভবেন দেউৰী, বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° টিকেন চন্দ্ৰ দাসৰ লগতে কেইবাজনো বিভাগীয় বিষয়া ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে কোকৰাঝাৰৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ ১৪৪ গৰাকী আৰু চিৰাং জিলাৰ ৯৬ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰসমূহ বিতৰণ কৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো (Pramod Bodo) আৰু আন কাৰ্যবাহী সদস্য সকলে ৷ শনিবাৰে ওদালগুৰি জিলাৰ ১৯১ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব ।
লগতে পঢ়ক:ড৹ হিমন্ত বিশ্ব শৰ্মালৈ অনন্ত শয্যা উপহাৰ নলবাৰী এগৰাকী ব্যক্তিৰ