বাক্সা,১১ মে’:চেন্নাইত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে দুৰ্ভগীয়া শিক্ষক নাৰায়ণ ভট্টৰায়ে । বাক্সাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত দাৰাগাঁৱৰ বিষ্ণু ভট্টৰায়ৰ পুত্ৰ নাৰায়ণ ভট্টৰায়ে দাৰাগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল ৷ বছৰ বছৰ শিক্ষকতা কৰিও ৰাজ্যৰ শিক্ষা বিভাগৰ চৰম বঞ্চনাৰ বলি হোৱা শিক্ষকগৰাকী উপায়হীন হৈ বহিৰাজ্যলৈ গৈছিল সংস্থাপন বিচাৰি ৷
উল্লেখ্য যে, দুৰ্ভগীয়া শিক্ষক নাৰায়ণ ভট্টৰায়ৰ পিতৃ বিষ্ণু ভট্টৰায়ে ১৯৮৩ চনত নিজ গাঁৱতে দাৰাগাঁও প্ৰাথমিক বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষক হিচাপে প্ৰথমাৱস্থাত কাম কৰিছিল ৷ কিন্তু শাৰিৰীক অসুস্থতাৰ বাবে ২০১০ চনত বিষ্ণু ভট্টৰায়ে শিক্ষকতা বাদ দিয়াত পুত্ৰ নাৰায়ণ ভট্টৰায়ে বিদ্যালয়খনত নিয়োজিত হয় । লক্ষণীয়ভাৱে ২০১৩ চনত অসম চৰকাৰে অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰাৰ সময়ত নাৰায়ণৰ পদটো প্ৰাদেশীকৰণৰ আওতাৰ পৰা বাদ পৰে ৷
ইয়াৰ পিছতো নাৰায়ণে আৰ্থিক দীনতাৰ মাজতো শিক্ষাদান কাৰ্য অব্যাহত ৰাখে যদিও পুনৰ শিক্ষা বিভাগৰ বঞ্চনাৰ বলি হৈ ২০২০ চনত স্থায়ী নিযুক্তি লাভৰ পৰা বঞ্চিত হয় ৷ ফলত শিক্ষা বিভাগৰ প্ৰতি বিতুষ্ট হৈ আৰু পৰিয়ালক আৰ্থিক দৈন্যতাৰ পৰা পৰিত্ৰাণ দিয়াৰ উদ্দেশ্যে দুমাহ পূৰ্বে সংস্থাপন বিচাৰি চেন্নাইলৈ গৈ এটা ব্যক্তিগত কোম্পানীত নিয়োজিত হ’বলগীয়া হয় ৷ যোৱা ২৮ এপ্ৰিলত কৰ’ণাত আক্ৰান্ত হৈ অৱশেষত সোমবাৰে চেন্নাইতে মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া নাৰায়ণ ভট্টৰায়ে ।