বাক্সা, ১ অক্টোবৰ:অৱশেষত অন্ত পৰিল বিটিচি অঞ্চলৰ ১৯৯৯ চনত নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ সমস্যা ৷ সমাধান হ'ল বিটিচিৰ শিক্ষা বিভাগৰ এটা বৃহৎ সমস্যা ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদে শনিবাৰে পুনৰ ৫৯১গৰাকী (Teachers appointment letter distributed in Bashka) শিক্ষকক প্ৰদান কৰিলে নিয়মীয়াকৰণ পত্ৰ ৷ মুছলপুৰত প্ৰদান কৰিলে এই নিয়মীয়াকৰণ পত্ৰ ৷
উল্লেখ্য যে ১৯৯৯ চনত অবিভক্ত নলবাৰী জিলাত এইসকল শিক্ষকে নিযুক্তি লাভেৰে নিয়মিত দৰমহা লাভ কৰি আছিল যদিও ২০০৯ চনত হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশমৰ্মে বি টি চিৰ শিক্ষা বিভাগে চাকৰিৰ পৰা অব্যাহতি দিছিল । কিন্তু ২০১৫ চনত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পুনৰ প্ৰায় ১,৩০০ গৰাকী শিক্ষকক চাকৰিত যোগদানৰ নিৰ্দেশ দিয়ে যদিও বৰ্তমানলৈকে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত আছিল । শেহতীয়াকৈ এই শিক্ষকসকলে পুনৰ আদালতৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এই শিক্ষক সকলক নিয়মীয়াকৰণ পত্ৰ প্ৰদান কৰে বি টি চি পৰিষদে ।