তামুলপুৰ, 30 মাৰ্চ :বৰঙাজুলি চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ(Tea workers protest in Borengajuli Tea estate) ৷ মঙলবাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, মূল্যবৃদ্ধি ৰোধকে ধৰি আন আন কেইবাটাও দাবীৰে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷
সৰ্বভাৰতীয় ট্ৰেড ইউনিয়নৰ ধৰ্মঘট(Two days strike of CITU)ক সমৰ্থন জনাই এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ওদালগুৰিৰ ডিমাকুছিৰ বৰঙাজুলি চাহ বাগিচাত অসম চাহ মজদুৰ সংঘৰ উদ্যোগত এঘণ্টীয়া ধৰ্ণাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জিলাখনৰ শ্ৰমিকসকলে ৷
প্ৰতিবাদকাৰীসকলে বাগিচাখনৰ পৰিচালকৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে এক স্মাৰকপত্ৰ(Memorandum sent to CM by protesters) ৷ সংগঠনটোৱে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 205 টকাৰ পৰা বৃদ্ধি কৰি 351 টকা কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷