অসম

assam

ETV Bharat / state

মজুৰী বৃদ্ধিৰ দাবীত বাক্সাত চাহ শ্ৰমিকৰ প্ৰতিবাদ - tea garden labors staged protest demanding salary hike in fatemabad tea estate

মজুৰী বৃদ্ধিকে ধৰি কেবাটাও দাবীৰে চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷ বাক্সাৰ ফাটেমাবাদ চাহ বাগিছাত চাহ শ্ৰমিকৰ কেন্দ্ৰীয় সমিটিৰ নিৰ্দেশ মৰ্মে চাহ শ্ৰমিকৰ প্ৰতিবাদ সাব্যস্ত ৷ বিজেপি দলে চাহ শ্ৰমিকক 351 টকা মজুৰি প্ৰদান কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি পালনৰ দাবী প্ৰতিবাদকাৰীৰ ৷

মজুৰী বৃদ্ধিৰ দাবীত বাক্সাত চাহ শ্ৰমিকৰ প্ৰতিবাদ
মজুৰী বৃদ্ধিৰ দাবীত বাক্সাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

By

Published : Nov 26, 2020, 12:58 PM IST

বৰমা, 26 নৱেম্বৰ:মজুৰী বৃদ্ধি কৰাৰ দাবীৰে বাক্সাৰ ফাটেমাবাদ চাহ বাগিছাত চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷ চাহ শ্ৰমিকক 351 টকা মজুৰী প্ৰদান কৰিব বুলি বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিও কাৰ্যত কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰি চাহ শ্ৰমিক সকলে বিজেপিক শীঘ্ৰে বিজেপিক প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে দাবী জনাই ৷

মজুৰী বৃদ্ধিৰ দাবীত ফাটেমাবাদ চাহ বাগিছাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

চাহ শ্ৰমিকৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ফাটেমাবাদ চাহ বাগিছাৰ কৰ্মীসকলে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷ 351 টকাকৈ দৈনিক মজুৰীৰ দাবী জনোৱাৰ উপৰিও শ্ৰমিক সকলে অভিযোগ কৰে যে লকডাউনৰ পৰিপ্ৰেক্ষিতত অসমৰ সকলো চাহ বাগিছাৰ কৰ্মচাৰীয়ে তেওঁলোকৰ হাজিৰা সমূহ লাভ কৰিলে যদিও ফাটেমাবাদ চাহ বাগিছাৰ শ্ৰমিক সকলে আজিলৈকে সেই ধন পাবলৈ সক্ষম ন'হল ৷

প্ৰতিবাদকাৰী সকলে অন্যন্য দাবীৰ লগতে বাগিছাৰ শ্ৰমিকে অৱসৰ গ্ৰহণৰ পাছত জমা ধনৰ লগতে চৰকাৰী ভাৱে পাব লগীয়া ধনসমূহ সোনকালে মোকলাই দিয়াৰ বাবে দাবী জনাই ৷ চাহ শ্ৰমিক সংগঠনৰ হৈ হিৰালাল কেৰকেটাই জানিবলৈ দিয়ে যে এই সম্পৰ্কে চাহ শ্ৰমিক সকলে ইতিমধ্যে প্ৰশাসন আৰু মালিক পক্ষৰ লগত কেইবালানি আলোচনা অনুষ্ঠিত হৈছে যদিও চাহ শ্ৰমিক সকলে কোনো সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ সেয়ে প্ৰতিবাদৰ জৰিয়তে নিজৰ প্ৰাপ্য বিচাৰি চাহ শ্ৰমিক সকলে এই ধৰ্ণা কাৰ্যসূচী হাতত লয় ৷
লগতে পঢ়ক:চাৰিদুৱাৰত ড্ৰাগছসহ আটক দুজন

ABOUT THE AUTHOR

...view details