বাক্সা, 15 মে': স্বাধনীতাৰ সাতটা দশকৰ পাচতো বৃদ্ধি হোৱা নাই চাহ শ্ৰমিকসকলৰ মজুৰি ৷
১৬৭ টকাতে সীমাবদ্ধ চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি - etv bharat assam
বাক্সা জিলাৰ নাগ্ৰীজুলী চাহ বাগিচাখনত আছে প্ৰায় 1500 তকৈও অধিক চাহ শ্ৰমিক । কৰ্তৃপক্ষৰ ৰেচনৰ বাহিৰে আন কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই শ্ৰমিকসকলে ৷
এতিয়াও ১৬৭ টকাতে সীমাবদ্ধ চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰী
ৰাজ্যত থকা চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি ১৬৭ টকাৰ পৰা ৩৩০ টকালৈ বৃদ্ধি কৰাৰ বাবে আহৰি পোৱা নাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ৷ মাত্ৰ ১৬৭ টকাৰ দৈনিক মজুৰিৰে পৰিয়াল চলাবলৈ বাধ্য হৈছে শ্ৰমিকসকল ।
বাক্সা জিলাৰ নাগ্ৰীজুলী চাহ বাগিচাখনত আছে প্ৰায় 1500 তকৈও অধিক চাহ শ্ৰমিক । কৰ্তৃপক্ষৰ ৰেচনৰ বাহিৰে আন কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই শ্ৰমিকসকলে ৷ উপায়বিহীন হৈ ব্ৰিটিছৰ দিনৰে পৰা জুপুৰিসদৃশ ঘৰতেই জীৱন অতিবাহিত কৰিবলগীয়া হৈছে এইসকল শ্ৰমিকে ।