অসম

assam

ETV Bharat / state

নিৰাপত্তাহীনতাত ৰেলযাত্ৰী! আদবাটৰ পৰাই নোহোৱা হ'ল গোৰেশ্বৰৰ প্ৰণৱ

ৰেলেৰে বহিঃ ৰাজ্য লৈ যাত্ৰা কৰোতে সাৱধান ৷ ভাৰতীয় ৰেলত অসমৰ যাত্ৰীৰ নাই নিৰাপত্তা । বাক্সাৰ গোৰেশ্বৰৰ সোণমহৰীৰ যুৱক প্ৰণৱ দাস ৰেলেৰে মহাৰাষ্ট্ৰৰ পৰা ঘৰলৈ আহি থাকোতে বিহাৰৰ কাতিহাৰৰ পৰা নিৰুদ্দেশ হৈ আছে ।

অসমৰ ৰেলযাত্ৰী আজিও সুৰক্ষিত নহয়

By

Published : May 12, 2019, 7:56 PM IST

তামুলপুৰ,12 মে’: বাক্সা জিলাৰ গোৰেশ্বৰৰ সোণমহৰীৰ চিন্তাপাৰ নিবাসী লুহিত দাস আৰু মাকন দাসৰ পুত্ৰ প্ৰণৱ দাসে আজি চাৰিবছৰে মহাৰাষ্ট্ৰৰ মাছৰ ফেক্টৰিত কাম কৰি আছিল । মাজে সময়ে কোনো উৎসৱ পাৰ্বনত ঘৰলৈ আহি আকৌ উভতি গৈছিল ৷ যোৱা দুবছৰৰ মুৰত 8 মে তাৰিখে তেওঁ ঘৰলৈ অহাৰ বাবে লোকমাণ্য তিলক নগৰ ষ্টেচনত ১৫৬৪৫ নং ট্ৰেইন খনৰ S1 ডাবাৰ 46 নং আসনত টিকট কাতি যাত্ৰা আৰম্ভ কৰিছিল । 9 মে’ৰ নিশা 10 বজা মানত বন্ধু কৈলাশক ফোন কৰিছিল আৰু এটি দুৰ্বিত্তৰ দলে ভাবুকি দি থকাৰ কথা অৱগত কৰিছিল ৷ ইয়াৰ পিছত 11:25 বজা মানত তেওঁৰ ফোনটো অফ হৈ যায় ৷

লগতে পঢ়ক: ওদালগুৰিত কেনেকৈ গীত গালে জুবিনে?

10 মে’ত আহি পাবলগিয়া পুত্ৰ আহি নোপোৱাত পৰিয়ালৰ লোক সংকিত হৈ পৰিছে প্ৰনৱক দুৰ্বিত্তৰ দলে হত্যা কৰা বুলি । ইতিমধ্যে পৰিয়ালৰ লোকে গোৰেশ্বৰ থানাত আৰু ৰঙিয়া ৰেলুৱে পুলিচক অৱগত কৰি এখন এজাহাৰ দাখিল কৰিছে ।

ABOUT THE AUTHOR

...view details