তামুলপুৰ, 30 মে' : এটি অসহায় পৰিয়ালৰ কৰুণ কাহিনী । দুই কণমানি পুত্ৰ সন্তানেৰে ৰুগীয়া পিতৃৰ জীৱন সংগ্ৰাম । তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ ফুহুৰাবাৰী গাঁৱৰ ভোগ্নেশ্বৰ দাস বিগত তিনি বছৰে স্নায়ু ৰোগত আক্ৰান্ত হৈ পংগু হৈ পৰিছে । ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী পিতৃৰ ৰোগৰ ফলত দুই পুত্ৰ ৮ বছৰীয়া অপূৰ্ব দাস আৰু ৬ বছৰীয়া প্ৰাণজিৎ দাসে ঠেলাৰে পিতৃক কঢ়িয়াই গাঁৱত ভিক্ষা কৰি চলাইছে জীৱন সংগ্ৰাম ।
ৰুগীয়া পিতৃক ঠেলাক কঢ়িয়াই কণমানি দুই পুত্ৰৰ জীৱন সংগ্ৰাম ! - তামুলপুৰ বাতৰি
তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ ফুহুৰাবাৰী গাঁৱৰ ভোগ্নেশ্বৰ দাস বিগত তিনি বছৰে স্নায়ু ৰোগত আক্ৰান্ত হৈ পংগু হৈ পৰিছে । ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী পিতৃৰ ৰোগৰ ফলত দুই পুত্ৰ ৮বছৰীয়া অপূৰ্ব দাস আৰু ৬বছৰীয়া প্ৰাণজিৎ দাসে ঠেলাৰে পিতৃক কঢ়িয়াই গাঁৱত ভিক্ষা কৰি চলাইছে জীৱন সংগ্ৰাম ।
ৰুগীয়া পিতৃক ঠেলাক কঢ়িয়াই কণমানি দুই পুত্ৰৰ জীৱন সমগ্ৰাম!
আনহাতে, পূৰ্বে আইটিআইৰ প্ৰশিক্ষণপ্ৰাপ্ত ভোগ্নেশ্বৰ দাসে তিনিবছৰৰ ধৰি এই ৰোগত আক্ৰান্ত হৈ থকাৰ ফলত মেৰামতি কৰিব পৰা নাই নিজ বাসগৃহ । এটি গোহালী সদৃশ ঘৰতে ৰন্ধা-বঢ়া কৰি জীৱন নিৰ্বাহ কৰিছে ভোগ্নেশ্বৰ দাস আৰু দুই পুত্ৰই । শনিবাৰে পৰিয়ালটোক সহায়ৰ বাবে আগবাঢ়ি আহে NCIB নামৰ এটি বেচৰকাৰী সংস্থাই । সংস্থাটোৰ বিষয়ববীয়া সকলে পৰিয়ালটোক কিছু পৰিমাণে খাদ্য সামগ্ৰী আৰু গৃহটি মেৰামতিৰ বাবে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ উপৰিও দুই পুত্ৰক কাপোৰৰ যোগান ধৰিছে ।